মণিপুৰত (Manipur) ধুমুহা আৰু শিলাবৃষ্টিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰে। প্ৰচণ্ড ধুমুহাই ৰাজ্যৰ বৃহৎ অঞ্চলৰ ক্ষতিসাধন কৰিছে। আনহাতে, বিঘা বিঘা মাটিৰ শস্য ক্ষতিগ্ৰস্ত হৈছে।
দেওবাৰে বিয়লিৰ পৰা মণিপুৰত আৰম্ভ হোৱা শিলাবৃষ্টি নিশালৈকে চলি থাকে। তাৰ মাজত বৰষুণৰ তীব্ৰতা হ্ৰাস-বৃদ্ধি হয়। তাৰ সমান্তৰালকৈ বলে প্ৰচণ্ড বতাহ। স্থানীয় লোকে জনোৱা মতে, দুপৰীয়া প্ৰায় ১.৩০ বজাৰ পৰা ইম্ফল উপত্যকাত ধুমুহা আৰম্ভ হয়।
এই ধুমুহাৰ বাবে কোনেও প্ৰস্তুত নাছিল। ফলত কৃষিভূমিৰ সৰ্বাধিক ক্ষতি হৈছে। শিলৰ প্ৰভাৱত বিঘা বিঘা মাটিৰ শস্য নষ্ট হৈ যায়। আম, কঁঠালৰ দৰে বতৰৰ ফলতো প্ৰভাৱ পৰিছে। বহুত ফলৰ অপচয় হয়।
ইম্ফল পশ্চিম জিলাৰ কাঞ্চিপুৰম আৰু তেৰা অঞ্চলত ধুমুহাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। বহু ঘৰৰ ক্ষতিসাধন হয়। টিনৰ ঘৰৰ ভিতৰত টিন ফাটি বৰফৰ বৃহৎ টুকুৰা সোমাই গৈছে। ধুমুহাই উৰাই লৈ গৈছে জুপুৰিৰ চাল। যাৰ বাবে পথত চাইকেল, বাইক বা স্কুটাৰ চলাই থকা বহু লোকে মূৰত আঘাত পায়।
আনহাতে, ৰাস্তাত থিয় হৈ থকা গাড়ীৰ আইনাও বৰফে ভাঙি পেলায়। বহু পুৰণি ঘৰৰ কাঁচৰ খিৰিকীও ভাঙি গৈছে। ইয়াৰ বাহিৰেও পথত বহু গছ উভালি পৰে। ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে। বিদ্যুতৰ সংযোগো বিচ্ছিন্ন হৈ পৰিছে। শিলাবৃষ্টিৰ পিছত মণিপুৰৰ ৰাজপথত চাৰি-পাঁচ ইঞ্চি ডাঠ শিলৰ তৰপ পৰি গৈছে।
এই দুৰ্যোগৰ পিছত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ভুক্তভোগীক সহায়ৰ আশ্বাস দিয়ে। ক্ষতিগ্ৰস্ত ঘৰবোৰ চৰকাৰে মেৰামতি কৰিব বুলিও কয়। যিসকলৰ ঘৰ ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক ক্ষতিগ্ৰস্ত ঘৰৰ ছবি স্থানীয় প্ৰশাসনলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। শীঘ্ৰে পৰিস্থিতি স্বাভাৱিক কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছে।