কলগাছিয়াৰ (Kalgachia) সাওৰাচৰাত বজ্ৰপাতত মাতৃ-কন্যাৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হয়। গোহালিত কাম কৰি থকা সময়ত সংঘটিত এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাওৰাচৰা ৰিজাৰ্ভ গাঁৱত দেওবাৰে দুপৰীয়া প্ৰায় ৩ মান বজাত গোহালিত গৰু বান্ধি থকা অৱস্থাত বজ্ৰ পৰি মৃত্যু হয় মাতৃ মমিৰণ নেছা আৰু কন্যা জ্যোৎস্না খাতুনৰ।
ইয়াৰোপৰিও, বজ্ৰপাতত গুৰুত্বৰভাবে আহত হয় জ্যোৎস্না খাতুনৰ ১১ বছৰীয়া এজন পুত্ৰ। তিনিওকে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মমিৰণ নেছা আৰু জ্যোৎস্না খাতুনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।