প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰ বৰ্তমান তুংগত উঠিছে। অসমৰ পাঁচটা সমষ্টিত অহা ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে অহা ৮ এপ্ৰিলত অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah to campaign in Assam on April 8)। তেওঁ গহপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে আন কেইবাটাও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব।
আনহাতে, ১৭ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi to visit Assam on April 17)। তেওঁ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ বৰকুৰাৰ বিদাঞ্চল খেলপথাৰত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্রী জয়ন্তমল্ল বৰুৱাই যাৱতীয় সকলো প্ৰস্তুতি যুদ্ধগতিত আগবঢ়াই নিছে।
লগতে প্ৰধানমন্ত্রীৰ বিশাল নিৰ্বাচনী সভা সাফল্যমণ্ডিত কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জানিব পৰা মতে, প্ৰধানমন্ত্রীৰ উক্ত সভাত ২ লাখৰো অধিক লোকক সমবেত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
উল্লেখযোগ্য যে এইবাৰ বৰপেটা সমষ্টিত ত্ৰিকোণ যুঁজ হ’ব। বিজেপিৰ মিত্রদলৰ হৈ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ আৰু কংগ্ৰেছৰ দ্বীপ বায়নৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব। সাধাৰণতে সংখ্যালঘু অধ্যুষিত সমষ্টি হিচাপে পৰিগণিত বৰপেটা সমষ্টিটোৰ ভোট বিন্যাস সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সলনি হৈছে। এইবাৰ সমষ্টিটোত সংখ্যাগুৰুৱে নিৰ্ণায়ক ভূমিকা পালন কৰিব।