বৃহস্পতিবাৰে পুৱা প্ৰায় ৫ মান বজাত লাহৰিজানত সংঘটিত হয় এক ভয়ঙ্কৰ অগ্নিকাণ্ড (Lahorijan Fire) ! প্ৰাপ্ত খবৰ অনুসৰি খটখটী থানা এলেকাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান বজাৰৰ শিৱ মন্দিৰৰ কাষত এখন মোবাইলৰ দোকানত অগ্নিকাণ্ডটো সংঘটিত হয় ৷
অগ্নিকাণ্ডটোৱে কাষৰ এখন ছেলুন দোকানো জলি যায় ৷ উক্ত অগ্নিকাণ্ডটোত দোকান দুখনৰ কেইবা লক্ষ্যাধিক টকাৰ সা-সম্পত্তি জলি ভস্মীভূত হয় ৷ অগ্নিকাণ্ডটো বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে ৷ ঘটনাৰ খবৰ লাভ কৰি অগ্নিনিৰ্বাপন বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনপৰ্বাপন কৰাৰ ফলত অগ্নিকাণ্ড অইন দিশে সম্প্ৰসাৰিত হোৱাৰ পৰা ৰক্ষা পৰে ৷