ASSAM TIMES POST
মৈৰাবাৰীঃ নতুন বছৰৰ প্ৰাক ক্ষণত মৰিগাওঁ জিলাৰ মৈৰাবাৰীত সংঘটিত হয় অতি নিকৰুণ আৰু হৃদয় বিদাৰক দূৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি মৈৰাবাৰী বজাৰত সংঘটিত এক ভয়ানক পথ দূৰ্ঘটনাই পাঁচোটাকৈ পৰিয়াললৈ নতুন বৰ্ষ টোত কঢ়িয়াই আনিলে দুঃসংবাদ। এখন তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে পাঁচ জনকৈ লোকক । থিতাতে নিহত তিনি জন। সংকটজনক অৱস্হাত মৃত্যুৰে যুঁজিছে দুজন ।
মৃত লোক কেইজনৰ নাম ক্ৰমে ওছমান আলী, ৱাহিদুৰ ৰহমান আৰু মজিবুৰ ৰহমান বুলি চিনাক্ত হৈছে। আনহাতে সংকটজনক অৱস্হাত জি এম চি এইচত প্ৰেৰণ কৰা এজন জয়নাল আবদিন বুলি চিনাক্ত হৈছে যদিও এজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। মৈৰাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত আটাই কেইজন লোক বজাৰ কৰিবলৈ আহি বহি থকা অৱস্হাত লাহৰীঘাটৰ পৰা মৈৰাবাৰী অভিমুখে অহা তীব্ৰবেগী ট্ৰাক খনে নিয়ন্ত্ৰণ হেৰুৱাই এনে এক ভয়ানক ঘটনা সংঘটিত কৰে। মৃত্যুদূতৰূপী ট্ৰাক খনৰ নম্বৰ এ এছ ০২ ই ৬২৬৬ ।
ঘটনা সংঘটিত কৰি উশৃংখল ড্ৰাইভাৰ জন পলায়নৰ চেষ্টা কৰি যদিও ৰাইজে ড্ৰাইভাৰ জনক আটক কৰি মৈৰাবাৰী আৰক্ষীক গতাই দিয়ে। ঘটনাস্হলীত পৰা ট্ৰাক খনো জব্দ কৰিছে মৈৰাবাৰী আৰক্ষীয়ে।











