ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ খুটিকটীয়া ৰেডিঅ’ চেন্টাৰৰ সমীপত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। হয়বৰগাঁও আৰক্ষী সুত্ৰে জানিব পৰা মতে, ৰেডিঅ’ চেন্টাৰৰ সমীপত বাহৰ মূঢ়া উঠোৱা কামত নিয়োজিত এগৰাকী মহিলা শ্ৰমিকক কাম কৰি থকা অৱস্থাতে এজন লোকে নৃশংস ভাবে হত্যা কৰে।
জীৱিকাৰ তাড়নাত পশ্চিম কাৱৈমাৰীৰ আবেদা খাতুন (৩৫) নামৰ মহিলা শ্ৰমিক গৰাকীয়ে বৰভেটিৰ আব্দুল মান্নান নামৰ লোকজনৰ অধীনত শ্ৰমিক হিচাপে কাম কৰিছিল। কালি কাম কৰি থকা অৱস্থাতে সন্ধিয়া দুয়োৰে মাজত মজুৰিৰ পৰিমানক কেন্দ্ৰ কৰি তৰ্ক- বিতৰ্কৰ সৃষ্টি হয়। বাক- বিতণ্ডা চলি থকাৰ মাজতে পাঁচ সন্তানৰ মাতৃ মহিলা গৰাকীক আব্দুলে কুঠাৰেৰে ঘপিয়াই নৃশংস ভাবে হত্যা কৰে।
আনহাতে ঘটনা সংঘটিত কৰিয়েই আব্দুল মান্নানে পলায়ন কৰে। আৰক্ষীয়ে নগাঁও সদৰ থানাত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও পলাতক ঘাতক আব্দুল মন্নানক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।