শুকুৰবাৰে বিয়লি চাৰে চাৰি মান বজাত ডিফুত এএছডিচি য়ুথ ফ্ৰণ্ট (ASDC YOUTH FRONT) আৰু কেএছএই (KSA) যৌথভাবে ডিফুত কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ (Congress leader Debabrata Saikia) পুতিতলিকা দাহ (Burning of buried) কৰে ৷
কালি বিধান সভাত কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই খেৰণিত উচ্ছেদ হবলগীয়া PGR-VGR ভূমিৰ উচ্ছেদ কাৰ্যসূচী, বেআইনী আৰু অসাংবিধানিক বুলি মন্তব্য কৰাৰ পিছতে আজি দুয়োটা সংগঠন এই মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ সংগঠন দুটাৰ সমৰ্থক সকলে দেৱব্ৰত শইকীয়াৰ পুত্তলিকা দাহ কৰি, কংগ্ৰেছ (আই) ডাউন ডাউন, কংগ্ৰেছ মুৰ্দাবাদ, দেবব্ৰত শইকীয়া গ’ বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷