পশ্চিম কাৰবি আংলং জিলাৰ খেৰণিত কেএছএ (ছেমছন) গোটৰ সাতজনকৈ সদস্যৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত সমগ্ৰ কাৰবি আংলং জিলাত (Karbi Anglong) তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএৰ (ছেমছন) গোটে আজি পশ্চিম কাৰবি আংলঙৰ পিজিআৰ আৰু ভিজিআৰ ভূমিত অবৈধ বেদখলৰ বিৰুদ্ধে জেংখা আৰু ডংকামোকাম ৰাজহ বিভাগৰ কাৰ্যালয় প্ৰাঙ্গনত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷
খেৰণি আৰু হাৱাইপুৰৰ পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখলমুক্ত চলিছিল ধৰ্ণা কাৰ্যসূচী ৷ ধৰ্ণা সমাপ্ত কৰি কেএছএৰ এটা দল জীপছীৰে ডিফু অভিমুখে আহি থকা অৱস্থা কোনো অচিনাক্ত দুৰ্বৃত্তৰ দলে আক্ৰমণ চলাই কেএছএৰ সাত গৰাকীকৈ সদস্যক গুৰুতৰ ভাবে জখম কৰে বুলি জানিব পৰা গৈছে ৷
আহত সদস্য কেইগৰাকীক তৎক্ষণাৎ খেৰণিস্থিত চিকিৎসাৰ বাবে খেৰণি আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ কেএছএৰ দলটোক আক্ৰমণ কৰা ঘটনাকলৈ খেৰণি চাৰি আলিত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত চিআৰপিএফৰ দল আৰু আৰক্ষীৰ লোক উপস্থুত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ৷