ASSAM TIMES POST
ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হল এজন এন চি এনৰ কেডাৰ।ধৃত কেডাৰ গৰাকীৰ পৰা জব্দ কৰা হৈছে তিনি ৰাউণ্ড সক্ৰিয় বুলেট সহ এটা পইন্ট ২২ পিষ্টল আৰু মবাইল। জানিব পৰা মতে ডিব্ৰুগড় আৰক্ষী,চিআৰপিএফ আৰু ৯নং ৰাজপুটানা ৰাইফলছৰ যুটীয়া অভিযানত ডিব্ৰুগড় জিলাৰ মৰানৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ কৰা কেডাৰ জনৰ নাম চেম চবৰ। আৰক্ষীৰ সূত্ৰৰ মতে ডিব্ৰুগড়ৰ কোনো ব্যক্তিক অপহৰণৰ পৰিকল্পনাৰে এনএচচিএনৰ এটা ৫ জনীয়া দলে বাহৰ পাতিছিল ডিব্ৰুগড়ত।সেই সন্দৰ্ভত আৰক্ষীয়ে যুটীয়া অভিযান চলাই চবৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও বাকী কেডাৰক বিচাৰি আৰক্ষী আৰু সেনাই অভিযান অব্যাহত ৰাখিছে।
আনহাতে আন এক অসমৰ্থিত সুত্ৰ অনুসৰি অৰুণাচলৰ নামচাইৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুবক জনক কোনো লোকে কোম্পানীত কাম দিয়াৰ প্ৰলোভনেৰে ডিব্ৰুগড়লৈ মাতি আনিছিল।অৱশেষত অচিনাক্ত ব্যক্তি জনে আৰক্ষীক যুবক জনক ধৰাই দিয়ে।কিন্তু মাৰণাস্ত্ৰ সহ গুলী জব্দ কৰা বিষয়টোৱে যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে।