ASSAM TIMES POST
গুৱাহাটী : অসম সাহিত্য সভাৰ আগন্তুক ২০২০-২১ বৰ্ষৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে অসম চৰকাৰৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা জ্যেষ্ঠ সাহিত্যিক কুলধৰ শইকীয়া৷ কুলধৰ শইকীয়াই ২৬৯টা ভোট লাভ কৰি অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়৷
সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰাসকলৰ ভিতৰত সূৰ্য হাজৰিকাই ৭৪, প্ৰহ্লাদ চন্দ্ৰ তাচাই ৮৮, ড° বসন্ত কুমাৰ গোস্বামীয়ে ৪৬, ড° কৰবী ডেকা হাজৰিকাই ৭৫, ড° জয়শ্ৰী গোস্বামী মহন্তই ৬৭ আৰু পখিলা কলিতাই এটাও ভোট লাভ নকৰিলে৷ আনহাতে উপ- সভাপতি হিচাপে গুৱাহাটী মহানগৰ সাহিত্য সভাৰ সভাপতি তথা জ্যেষ্ঠ সাহিত্যিক মৃণালিনী দেৱী আৰু প্ৰধান সম্পাদক হিচাপে যাদৱ চন্দ্ৰ শৰ্মা নিৰ্বাচিত হৈছে৷
উপ সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰি মৃণালিনী দেৱীয়ে ৩০৮ টা ভোট লাভ কৰাৰ বিপৰিতে পদুমী গগৈয়ে ৯৬, ড° বসন্ত কুমাৰ শৰ্মাই ১৫২ আৰু ৰতিমোহন নাথে ৬২ টা ভোট লাভ কৰে৷ ইপিনে, প্ৰধান সম্পাদক পদত জয়ী হোৱা যাদৱ চন্দ্ৰ শৰ্মাই ৩২৩ টা ভোট লাভ কৰে৷ এই পদত প্ৰতিদ্বন্দ্বিতা কৰা দেৱজিৎ বৰাই ২৫৫, হৰেন্দ্ৰ কলিতাই ৩৬ টা ভোট লাভ কৰে৷