ASSAM TIMES POST
ডিব্ৰুগড়ঃ যোৱা নিশা প্ৰায় ১১.৩০ বজাত ডিব্ৰুগড়ৰ ডিকমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় এজন চিআৰপিএফৰ জোৱান। ইংৰাজী নতুন বছৰৰ প্ৰথম নিশাই সংঘটিত হোৱা ভয়াবহ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু আৰু চাৰিগৰাকীকৈ লোক আঘাটপ্ৰাপ্ত হোৱা ঘটনাই শোকাৱহ কৰি তুলিছে অঞ্চলবাসীক।
ঘটনাৰ বিবৰণী মতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিকম চাহ গৱেষণা সন্থাৰ তিনিআলীত যোৱা নিশা তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া(সদৰ)ডাঃ নৱজ্যোতি গগৈ পৰিয়ালসহ ডিব্ৰুগড়লৈ আহি থকা অৱস্থাত উক্ত এলেকাত এখন তীব্ৰ বেগী ট্ৰাকে অভাৰটেক কৰি চিকিৎসকৰ মহিন্দ্ৰা(৫০০) এক্স ইউ ভিত(এএচ-০৬-ইউ-১৮১৩) প্ৰচণ্ড গতিত সন্মুখৰ পৰা খুন্দা মাৰি পলায়ন কৰে।
গুৰুতৰভাবে ডিঙী আৰু ভৰিত আঘাটাপ্ৰাপ্ত চিকিৎসক নৱজ্যোতি গগৈয়ে কয় যে তেঁওৰ গাড়ী খুন্দিওৱাৰ পূৰ্বে আন এখন বাহনত খুন্দিয়াই পলাবলৈ যত্ন কৰোতেই চিকিৎসকগৰাকীৰ গাড়ীত খুন্দা মাৰি উক্ত ঘটনা সংঘটিত কৰে। নিশা আৰু ঘোপ মৰা এন্ধাৰৰ বাবে পলকতে কি হ’ল সেয়া বুজিবই পৰা নাছিল। সেই সময়ত দিনেন্দ্ৰ সিনহা নামৰ এগৰাকী চিআৰপিএফৰ জোৱানে চাবুৱাৰ পৰা ডিব্ৰুগড় সদৰৰ ১৭১নং বেটেলিয়নৰ শিবিৰলৈ ডব্লিউবি ৭৪এটি ৯১২৪ নম্বৰৰ এখন স্কুতিৰে গৈ আছিল।
উক্ত স্কুতিখনক তীব্ৰবেগী ট্ৰাকখনে মহতীয়াই নিয়াৰ ফলতেই স্কুতি খনৰ আৰোহী তথা চিআৰপিএফৰ জোৱান সিনহাৰ ঘটনাস্থলীতে নিহত হয়। নিহত জোৱান জনৰ ঘৰ কাছাৰত বুলি জানিব পৰা গৈছে। আনহাতে নিশাৰ ভাগত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত কেবল স্কুতিখনৰ সতে দূৰৈত জোৱানজনৰ মৃতদেহ আৰু এক্স ইউ ভি গাড়ীখন ৰে’লৱেৰ ৰেলিঙৰ কাষত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা দেখি প্ৰথমে এস্ক ইউ ভি গাড়ীখনে স্কুতিখনক মহতিয়াই নিয়া বুলি সন্দেহ কৰিছিল।
পিছত গাড়ীৰ গৰাকীক ফোন কৰাতহে আৰক্ষীয়ে উৰহী গছৰ ওৰ বিছাৰি পায়। যিয়েই নহওক নিশাৰ ভাগত ট্ৰাকৰ দৌৰাত্ম্যই সকলোকে চিন্তিত কৰি তুলিছে। দূৰ্ঘটনা ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ সন্ধানত আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছে বুলি জানিব পৰা গৈছে।