ASSAM TIMES POST
নগাঁওঃ যোৱা নিশা নগাঁও চহৰৰ পানীগাঁও ছয়আলিত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত দুগৰাকী শিক্ষাৰ্থীয়ে কৰুণভাৱে মৃত্যুক সাৱটি লব লগা হয়। জানিব পৰা মতে, কালি বিদায় বৰ্ষৰ নিশা লগৰীয়াৰ ঘৰত ভোজ ভাত খাই উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। এ এছ ০৪ টি ০১৭৮ পালছাৰ ১৮০ বাইকেৰে আহি থকা হিমাংশু প্ৰকাশ গগৈ( ২২) আৰু নৱনীতা আৰন্ধৰা (১৯) এই দুৰ্ঘটনাত পতিত হয়। নগাঁও আই টি আইত অধ্যয়নৰত এই দুই শিক্ষাৰ্থীৰ ছাত্ৰী নৱনীতা পানীগাঁও ছয়আলিৰ এখন ব্যক্তিগত ছাত্ৰীনিবাসত থাকে আৰু ছাত্ৰ হিমাংশু পানীগাঁও ছয়আলিৰ আন এটা ভাড়াঘৰত থাকে। কালি নিশা নগাঁও চহৰৰ আমোলাপট্টি দিশৰ পৰা ছাত্ৰী গৰাকীক ছাত্ৰীনিবাসত থবলৈ আহি থকা অৱস্থাত পানীগাঁও ছয়আলিৰ এঘৰ লোকৰ চৌহদৰ দেৱালত প্ৰচণ্ড খুন্দামৰাৰ ফলত হিমাংশু প্ৰকাশ গগৈ থিতাতে নিহত হয়। গুৰুত্বৰ ভাবে আহত নৱনীতাক লগে লগে নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ছাত্ৰ- ছাত্ৰী দুগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁও আই টি আইত এক শোকাকুল পৰিবেশে বিৰাজ কৰে । ছাত্ৰ- ছাত্ৰী দুগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, নগাঁও ছাত্ৰ সমাজ আদিয়ে । জানিব পৰা মতে হিমাংশু প্ৰকাশ গগৈৰ ঘৰ শিৱসাগৰৰ জিলাৰ হালুৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত কছুৱা বাতিমাৰা গাঁৱত আৰু নৱনীতা আৰন্ধৰাৰ ঘৰ শিৱসাগৰ জিলাৰে নাজিৰা আৰক্ষী থানাৰ অন্তৰ্গত হোলোং কাটনি গাঁৱত।