কা বিৰোধী প্ৰতিবাদত উত্তাল শিৱসাগৰঃ ৰংঘৰ বাকৰিৰ পৰা বছৰৰ প্ৰথম দিনটোতে দাবী উঠিল কা বাতিল কৰাৰ দাবী
বিপ্লৱী শিল্পী মহেন্দ্র হাজৰিকাৰ জাতীয় চেতনাৰ গানে প্ৰাণ পালে ৰংঘৰ বাকৰিত
কা বাতিলৰ দাবীত সমূহীয়া মুণ্ডন
ৰং তুলিকাৰে শিল্পীৰ প্ৰতিবাদ।
নেদেখা জনৰ সমুখত প্ৰাৰ্থনা কৰাতেই সীমিত ৰাইজৰ মাজত এইবাৰ নাই নৱবৰ্ষৰ উছাহ
ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ ২০২০ বৰ্ষৰ প্ৰথম দিনটোতে আজি ঐক্য সেনা অসমৰ উদ্যোগত শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰ বাকৰিত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত শিৱসাগৰীয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।
পুৱাৰ প্ৰতিকূল বতৰকো নেওচি বিপুল সংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাই অংশগ্ৰহণ কৰে আৰু কথাৰে গানেৰে কা বাতিল কৰাৰ দাবী উত্থাপন কৰে।জাতীয় চেতনাৰ বাবে বছৰৰ ৩৬৫ দিনৰ ভিতৰত এটি দিন জাতীয় চেতনা দিৱস পালন কৰাৰ বাবে আহ্বান জনোৱা শিল্পী হাজৰিকাই শাসকৰ শুভ বুদ্ধি উদয় নোহোৱা পৰ্যন্ত ৰাইজে আন্দোলন গণতান্ত্ৰিক ভাবে চলাই যোৱাৰ পোষকতা কৰে।কাৰ্যসূচীত বহু কেইজন ছাত্ৰ নেতা,বিশিষ্ট নাগৰিকৰ লগতে স্থানীয় ভালেমান শিল্পীয়ে গীত কবিতা পৰিবেশন কৰে আৰু CAA ৰ বিৰুদ্ধে ৰাইজক একত্ৰিত হোৱাৰ আহ্বান জনায়।
ইফালে এই প্ৰতিবাদ থলীতে CAA বাতিল কৰাৰ দাবীত সেনাৰ কেইবাজনো সংগ্ৰামীয়ে সমূহীয়া ভাবে মুণ্ডন কৰে।
সাম্প্ৰতিক পৰিবেশ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ নতুন বছৰক আদৰৰ বাবে ৰংপুৰীয়া ৰাইজৰ মাজত বিশেষ উৎসাহ দেখা নগল।বিগত বছৰ সমূহত বছৰৰ প্ৰথম দিনটোত শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ পৰ্যটন থলী সমূহ লোকে লোকৰণ্য হৈ পৰে।
কিন্তু এইবাৰ পৰিবেশ ভিন্ন আছিল।বনভোজ খোৱা অথবা পৰিয়ালৰ নিবিড় সময় অতিবাহিত কৰা লোকৰ সংখ্যা এই স্থান সমূহত এইবাৰ আছিল আঙুলিৰ মূৰত লিখিব পৰা ধৰণেৰে অতি সামান্য।অধিকাংশ ৰাইজে পুৱাৰ ভাগত মঠ মন্দিৰ সমূহলৈ গৈ নতুন বছৰ ভালকৈ অতিবাহিত হোৱাৰ বাবে নেদেখা জনৰ সমুখত প্ৰাৰ্থনা কৰাতেই সীমিত আছিল।ৰাইজৰ মাজত এইবাৰ নৱবৰ্ষ বুলি বিশেষ উৎসাহ উদীপনা নাই বুলিয়ে কব পাৰি।