বঢ়মপুৰত কা বাতিলৰ দাবীত কংগ্ৰেছৰ জনজাগৰণ সভা
ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব সংশোধনী আইন(কা) প্ৰত্যাহাৰ কৰাৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি,ছয় জনগোষ্ঠী জনজাতিকৰণ আদি সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছে শদিয়াৰ পৰা ধুবুৰীলৈ আৰম্ভ কৰা ঐতিহাসিক পদযাত্ৰা আৰু অস্তিত্ব ৰক্ষাৰ জনজাগৰণ সভা আজি নগাঁও জিলাৰ বঢ়মপুৰত অনুষ্ঠিত হয় ।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা,বিধায়ক ৰকিবুল হুইছেন,নুৰুল হুদাসহ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া সকলক কংগ্ৰেছ কৰ্মী সকলে নগাঁৱৰ গড়মুৰত গায়ন-বায়নে আদৰণি জনায় ।
ইয়াৰ পাছতেই এক বাইক ৰেলী কৰি প্ৰদেশ কংগ্ৰেছৰ দলটো ১৯৪২ চনত লক্ষী হাজৰিকা,থগী সুত,বলো সুত,ভোগেশ্বৰী ফুকননী যি স্থানত শ্বহীদ হৈছিল সেই স্থানত নিৰ্মিত শ্বহীদ উদ্যানত উপস্থিত হৈ চাৰি শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় লগতে কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচ গৰাকী শ্বহীদকো শ্ৰদ্ধাঞ্জলি জনায় ।ইয়াৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ দলটোৱে বঢ়মপুৰ কপাহতলিৰ শ্বহীদ উদ্যানতে এখন জনজাগৰণ সভা সম্বোধন কৰে ।অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া তথা বঢ়মপুৰৰ কংগ্ৰেছ নেতা সুৰেশ বৰাই আঁত ধৰা সভাত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে।

ভাষণ প্ৰসংগত ৰিপুন বৰাই কয় যে অসমৰ ইমুৰৰ পৰা সিমুৰলৈ কা বাতিলৰ দাবীত সকলো লোক ওলাই আহিছে।ৰাজপথলৈ ওলাই আহি জাতি ৰক্ষাৰ বাবে কৰা এই আন্দোলনৰ সময়ত চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰে।এই আইনে অসম চুক্তিক নসাৎ কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰলৈকে অহা বিদেশীক নাগৰিকত্ব দিবলৈ ওলাইছে।যাৰ বাবে এই আইনে অসমীয়া জাতিক শেষ কৰিব।এই ক্ষেত্ৰত ২০২১ চনত অসমত কংগ্ৰেছ দলে যদি চৰকাৰ গঠন কৰে তেন্তে পোন প্ৰথমতে ‘কা’ বাতিলৰ পদক্ষেপ লব বুলি ৰিপুন বৰাই প্ৰসংগ ক্ৰমে উল্লেখ কৰে।বঢ়মপুৰ ব্লক কংগ্ৰেছৰ সহযোগত অসম প্ৰদেশ কংগ্ৰেছে ৰূপায়ন কৰা এই সভাত সহস্ৰাধিক লোক সমাগম হৈ ‘কা’ বাতিলৰ দাবীত শ্লগান দিয়ে। উল্লেখ্য যে, সভাৰ অন্তত বঢ়মপুৰ শ্বহীদ উদ্যানৰ পৰা শ্বহীদ ভৱনলৈ এক পদযাত্ৰা কৰে ।
সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুইছেন উপস্থিত থাকি বিজেপিয়ে কৰা শান্তি সমদল সন্দৰ্ভত এসময়ত আমাৰ লগত থকাজনক অলপ দিন আঁতৰাই ৰাখিলে অসম এনেই শান্ত হৈ যাব বুলি মন্তব্য কৰে । সভাত অসম প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ আৰু বঢ়মপুৰ ব্লক কংগ্ৰেছৰ বিষয়ববীয়া সকল উপস্থিত থাকে।ইয়াৰ পিছতে কংগ্ৰেছৰ আন এখন সভা নগাঁও চহৰৰ ডিমৰুগুৰিত অনুষ্ঠিত কৰি কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে নগাওঁ চহৰত এক বিশাল পদযাত্ৰা কৰি ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজেপি চৰকাৰ খনৰ বিৰুদ্ধে শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে।উল্লেখ যে আজি এই জনজাগৰণ যাত্ৰা পুৰণিগুদাম গড়মুৰৰ পৰা আৰম্ভ হোৱাৰ সময়ত দলটোক বিভিন্ন স্থানত ৰাইজে আদৰণি জনোৱাৰ লগতে বঢ়মপুৰলৈকে পথছোৱাত ৰাইজে গামোছা আৰি দলটোক সম্ভাষণ জনোৱাৰ লগতে ‘কা’ৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনায়।












