ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলাৰ ৰূপহীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৎঅসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰে । অধিবেশনখন উদ্বোধন কৰি কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পুলক বৰাই কয় যে- জাতীয় জীৱনৰ এই মৰণ সংকটৰ সময়ত জাতিৰ সুৰক্ষাৰ কাৰণে যুৱ-ছাত্র পৰিষদৰ প্ৰতিজন কেডাৰ সাজু থকা উচিত।চৰকাৰে দমন নীতিৰে ‘কা’ জাপি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে আৰু থাকিব।
প্ৰতিনিধি সভাৰ শেষত বিষয় বাচনি সভাৰ জৰিয়তে আগন্তুক ২০১৯-২০২১ বৰ্ষৰ বাবে পুনৰ দীপমনি বড়াক সভাপতি , প্ৰাগজ্যোতিষ বনিয়াক সাধাৰণ সম্পাদক হিচাপে লৈ আৰু উপদেষ্টা হিচাপে প্ৰদীপ শইকীয়া, বিপুল শইকীয়া, মুকুট বৰা,দিগন্ত দাস,মনোজ সিংহ ৰাজা,সত্য বৰা আৰু গীতাৰ্থ কমল শইকীয়া,উপসভাপতি হিচাপে ৰূপক চন্দ্ৰ বৰা,গীতাৰ্থ শইকীয়া আৰু ভাস্কৰ জ্যোতি ভাগৱতী,যুটীয়া সম্পাদক হিচাপে দেবাৰ্শীষ দাস আৰু গুনেন্দ্ৰ বৰা,সাংগঠনিক সম্পাদক হিচাপে মিলন দাস,মুস্তাক আহমেদ ভূঞা, পবিত্ৰ বনিয়া,প্ৰবাল শৰ্মা আৰু চন্দন বনিয়া,সাংস্কৃতিক সম্পাদক হিচাপে দিপু শইকীয়া, প্ৰচাৰ সম্পাদক কমল লস্কৰ,দীপ দাস আৰু বাবুল দাস,সমাজ সেৱা সম্পাদক নমিতা বৰা,ক্ৰীড়া সম্পাদক দীপাংকৰ শৰ্মা, বিত্ত সম্পাদক হেমন্ত দাস আৰু নিপুল দাস,মুস্তাফা আৰিফ ইকবাল,মিন্টু ৰাজখোৱা, ওৱাইদুল ইছলাম,ৰাজীৱ দাস,ক্ষিৰোদ নাথ,নৱজ্যোতি বৰা,ধীৰেন বৰা,ইকবাল হুছেইন আৰু দিজু বনিয়া কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ পূৰ্ণাংগ সমিতি গঠন কৰা হয় ।অধিবেশনত পৰ্যবেক্ষক হিচাবে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দ্বয় দীপক হাজৰিকা আৰু সঞ্জীৱ বৰা।