ASSAM TIMES POST
অজন্তা তালুকদাৰ,বোকাখাতঃ বোকাখাতৰ উত্তৰাঞ্চলত কৃষকৰ পোহনীয়া হালোৱা ম’হ মাজনিশা আক্ৰমণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে এটা উদঙীয়া গোনা ম’হে।
জানিব পৰা মতে কেই বছৰ মানৰ আগতে কাক গোঁসানীৰ থানত দুৰ্গা পূজাৰ বলি ৰূপে আগবঢ়োৱা এই ম’হটো শিৰচ্ছেদ নকৰি উৎসৰ্গাৰ পাছত এৰি দিয়া হৈছিল। বৰ্তমান প্ৰাপ্তবয়স্ক আৰু উদণ্ড এই ম’হটোৱে কমেও ৪০ টাৰো অধিক পোহনীয়া মতা ম’হ আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰিছে।
বগা ৰঙৰ এই ম’হটোৱে যোৱা নিশা নতুন খতিয়াখলিৰ ফনি বৰা নামৰ কৃষক জনৰ ঘৰত বান্ধি থোৱা এটা ম’হ শিঙেৰে খুচি থকা-সৰকা কৰিছে। স্থানীয় ৰাইজে এই ম’হটোৰ পৰা কৃষকৰ পোহনীয়া ম’হ ৰক্ষাৰ বাবে বন বিভাগ আৰু মহকুমা প্ৰশাসনক আহ্বান জনাইছে।