কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা (Ministry of Health’s new guidelines) মতে, এতিয়াৰে পৰা ৰোগী বা পৰিয়ালৰ অনুমতি অবিহনে তেওঁক আইচিইউত ভৰ্তি (Admitted to ICU) কৰিব নোৱাৰিব। ২৪ জনীয়া বিশেষজ্ঞ পেনেলে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। ৰোগীৰ অৱস্থা বেয়া হ’লেও ৰোগীৰ পৰিয়ালৰ অনুমতি অবিহনে (Without family’s permission) বা ৰোগীৰ নিজৰ অনুমতি অবিহনে তেওঁক আইচিইউত ভৰ্তি কৰিব নোৱাৰিব। অৱশ্যে মহামাৰী আৰু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।
সাধাৰণতে ৰোগীৰ অৱস্থা অতি বেয়া হ’লে বা কোনো অংগ বিকল নহ’লে ৰোগীক আইচিইউত ভৰ্তি কৰা হয়। বহু সময়ত চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয় যে তেওঁলোকে বলপূৰ্বকভাৱে ৰোগীক আইচিইউত ভৰ্তি কৰে। কিন্তু এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশৰ ফলস্বৰূপে চিকিৎসালয় কৰ্তৃপক্ষৰ কোনো দায়িত্ব নাথাকিব। সকলো ৰোগী বা তেওঁৰ পৰিয়ালৰ ওপৰত থাকিব।