ASSAM TIMES POST
ৰঙাপৰা: শোণিতপুৰ জিলাৰ বিন্দুকুৰিত আজি দিনযোৰা কাৰ্যসূচীৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ(আটছা) ৭২তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।বিন্দুকুৰি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে তেজপুৰ শাখাৰ সভাপতি অজয় তাঁতীয়ে।
দিনৰ ৯:৩০ বজাত শ্বহীদ তৰ্পন কৰা হয়।দিনৰ ২ বজাৰ পৰা বিদ্যালয় খনিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে তেজপুৰ শাখাৰ সভাপতি অজয় তাঁতীয়ে।
মুকলি সভাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জিলা সমিতিৰ সম্পাদক প্ৰহ্লাদ তাতী,আটছাৰ জিলা সমিতিৰ উপসভাপতি শশীদান্দ কন্দ,আটছাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অনিল কৰ্মকাৰ, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক হৰেশ তালুকদাৰ,যুৱ ছাত্ৰ পৰিষদৰ ৰঙাপৰা আঞ্চলিক সমিতিৰ উপ-সভাপতি দীপক মেধি,গোৰ্খা ছাত্ৰ সন্থা ৰঙাপৰা আঞ্চলিক সমিতিৰ সভাপতি মুক্তি নাথ চুব্বা আৰু সম্পাদক সঞ্জয় লিম্বু ,আটছা ৰঙাপৰা উপ শাখাৰ সভাপতি চাকিৰাম তাতীকে ধৰি অঞ্চলটোৰ বিভিন্ন উপ শাখাৰ সভাপতি সম্পাদক আৰু সংগঠনটোৰ সদস্য সদস্যা উপস্থিত আছিল।
আটছাৰ তেজপুৰ শাখাৰ সম্পাদক পংকজ নায়কে আত ধৰা সভাত ছাএ নেতা সকলে চৰকাৰে চাহ জনগোষ্ঠীৰ লোক সকলক সদায় ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ কৰে।বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ জনগোষ্ঠীয় লোক সকল আজিও শিক্ষা, স্বাস্হ্য আদি ক্ষেত্ৰত বহুত পিছপৰি আছে। চাহ শ্ৰমিকৰ দৈনিক মজুৰী,জনজাতি কৰনৰ নামত বিজেপি চৰকাৰ খনে কেৱল ৰাজনীতি কৰা বুলি দলটোক তীব্ৰ সমালোচনা কৰে।
বক্তাসকলে একাংশ বাগিচা অঞ্চলত চলি থকা জুৱা, মদ আৰু অসামাজিক কাৰ্যকলাপ বন্ধ কৰাই বাগিচা অঞ্চল সমুহত এখন সুস্থ শৈক্ষিক আৰু সামাজিক পৰিবেশ গঢ়ি তুলিবলৈ সংঘটনটোৰ বিষয়বৱীয়া সকলক আহ্বান জনায়।
বক্তা সকলে কয় যে ছাত্ৰ সন্থাৰ এটা জাতিৰ জাতি গঠনত সম্পূৰ্ণ দায়িত্ব থাকে।ছাত্র সন্থাৰ মুখ্য উদ্দেশ্য সমাজ খনক আগুৱাই লৈ যোৱা তথা ভাষা, সংস্কৃতি বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা।সভাত যুৱতী সকলে পৰম্পৰাগত সাজ পৰিধান কৰি ঝুমুইৰ নৃত্য প্ৰদৰ্শন কৰে।













