ASSAM TIMES POST
ডিব্ৰুগড়ঃ অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী অধ্যনৰত ছাত্ৰ সন্ধানহীন হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে মেডিকেল কলেজৰ নৱম চেমিষ্টাৰ ছাত্ৰ তথা পুৰনি বয়জ হোষ্টেলৰ আৱাসী ইছাদুল হক যোৱা ২৪ ডিচেম্বৰৰ নিশাৰ পৰাই নিৰুদ্দেশ হৈ আছে।
হোজাইৰ দবকাৰ উত্তৰ আশীনগৰৰ ব্যৱসায়ী মহঃ আব্দুল জলিলৰ পুত্ৰ ইছাদুল হঠাৎ হোষ্টেলৰ পৰাই নিৰুদ্দেশ হৈ পৰাত চিন্তিত হৈ পৰিছে। হোষ্টেলৰ আৱাসীয়ে পৰিয়ালক জনোৱা মতে যোৱা ২৪ ডিচেম্বৰৰ সন্ধ্যা ৭ বজাত ইছাদুলে কেবল এটা বেগ লৈ হোষ্টেলৰ পৰা ওলায় যোৱাৰ পিছত ঘূৰি নহাত নিশা দুই বজাত পৰিয়ালক অৱগত কৰে।
পৰিয়ালৰ লোক ডিব্ৰুগড়ত উপস্থিত হৈ মেডিকেল কলেজ কতৃপক্ষ আৰু আৰক্ষীক অভিযোগ দাখিল কৰে।অহা ২ জানুৱাৰীত চূড়ান্ত পৰীক্ষাত বহিব লগা ছাত্ৰজনে হঠাৎ কিয় সন্ধানহীন হৈ পৰিল,সেয়া এতিয়াও ৰহস্যৰ আৱৰ্ত্তত।












