ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব(সংশোধনী) আইন বাতিলৰ দাবীৰ লগতে “কা’ বিৰোধী আন্দোলনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকলৰ মুক্তিৰ দাবীত কৃষক শ্ৰমিক উন্নয়ণ পৰিষদ অসম নামৰ সংগঠনটোৱে অহা ৩০ ডিচেম্বৰত আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ কাৰ্যসূচী বাতিল কৰিছে।
সংগঠনটোৱে আজি এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ বিভিন্ন পৰীক্ষাত অৱৰ্তীণ হোৱা পৰীক্ষাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৩০ ডিচেম্বৰত মৰিগাঁৱত অনুষ্ঠিত হবলগা আছুৰ গণ সমাবেশৰ প্ৰতি সমৰ্থন জনাই এই বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।
আনহাতে কৃষক শ্ৰমিক উন্নয়ণ পৰিষদে ৩০ ডিচেম্বৰত চচলৰ ধৰ্ণাস্থলীত জাতি ধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰে।












