ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

White Lung Syndrome : শিশুৰ মাজত বিয়পি পৰিছে আন এক ৰোগ, আপোনাৰ শিশুটিক কেনেদৰে সুস্থ কৰি ৰাখিব?

নিউজ ডেস্কঃ

News Desk by News Desk
December 13, 2023
Reading Time: 1 min read
A A
0
White Lung Syndrome : শিশুৰ মাজত বিয়পি পৰিছে আন এক ৰোগ, আপোনাৰ শিশুটিক কেনেদৰে সুস্থ কৰি ৰাখিব?

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

New Logo Smal 2 | ASSAM TIMES POST

কৰোনা ভাইৰাছৰ পিছত এইবাৰ ভয়ংকৰ ৰূপত বিয়পি পৰিছে এক অজ্ঞাত, ৰহস্যজনক ৰোগ (Unknown, mysterious disease)। বেছিভাগ ক্ষেত্ৰতে শিশুৰ ক্ষেত্ৰত এই সংক্ৰমণ হয়। সমীক্ষা অনুসৰি, সাধাৰণতে দহ বছৰৰ তলৰ শিশু এই অজ্ঞাত ৰোগত আক্ৰান্ত হয়। স্বাস্থ্য বিষয়াসকলেও আশংকা কৰিছে যে এই হাওঁফাওঁৰ ৰোগে মহামাৰীৰ ৰূপ ল’ব পাৰে।
এই ৰোগৰ লক্ষণসমূহ কি কি? এই ৰোগ কেনেকৈ বিয়পে? শিশুসকলক এই ৰোগৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি?

স্বাস্থ্য বিষয়াসকলে অনুমান কৰিছে যে চীনৰ পৰা এই বিশেষ ৰোগবিধ বিয়পি পৰাৰ সম্ভাৱনা আছে। চীনৰ পিছত এই ৰহস্যজনক ৰোগে আমেৰিকাৰ অহাইঅ’ত আতংক বিয়পাইছে (Panic is spreading in America’s Ohio)। এই ৰোগৰ লক্ষণ নিউমোনিয়াৰ লগত মিল (Symptoms match pneumonia) থকাৰ বাবে ইয়াক বহুতে ‘ৰহস্যময় নিউমোনিয়া’ বুলিও অভিহিত কৰে।

শেহতীয়াকৈ অহাইঅ’ অঞ্চলৰ বহু শিশুৰ ‘ৰহস্যময় নিউমোনিয়া’ ধৰা পৰিছে। স্বাস্থ্য বিষয়াসকলে দাবী কৰিছে যে চীনৰ পিছত আমেৰিকাত প্ৰথমবাৰৰ বাবে এই সংক্ৰমণৰ খবৰ পোৱা গৈছে। ৱাৰেন কাউন্টিৰ স্বাস্থ্য বিষয়াৰ মতে, চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰাই এই অজ্ঞাত ৰোগ বিয়পিবলৈ আৰম্ভ কৰে। এক সমীক্ষাত প্ৰকাশ পাইছে যে বিগত ৪ মাহত মুঠ ১৪২ টা শিশু এই ৰোগত আক্ৰান্ত হৈছে।

স্থানীয় স্বাস্থ্য প্ৰশাসনৰ সূত্ৰ অনুসৰি, হাওঁফাওঁৰ এই ৰহস্যজনক ৰোগৰ নাম হৈছে ‘White Lung Syndrome’। চীনৰ পাছত আমেৰিকাত এই ৰোগৰ প্ৰাদুৰ্ভাৱে প্ৰশাসনক চিন্তিত কৰি তুলিছে। ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। ‘White Lung Syndrome’ নামৰ এই ৰোগটোক গুৰুতৰ বুলি চিনাক্ত কৰিছে অহাইঅ’ৰ স্বাস্থ্য বিভাগে। প্ৰথম অৱস্থাত চীনৰ চিকিৎসালয়সমূহৰ শেহতীয়া অৱস্থাক লৈ স্থানীয় প্ৰশাসনৰ মাজত উদ্বেগ সৃষ্টি হৈছিল। অহাইঅ’ত এই ৰোগ বিয়পি পৰাৰ ধৰণটো বহুতে এই সংক্ৰমণৰ ফল বুলি ভাবে।

health1 | ASSAM TIMES POST

ভাৰতৰ চুবুৰীয়া দেশ চীনে ইতিমধ্যে কেইবাবাৰো ‘White Lung Syndrome’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। এই ৰোগৰ প্ৰকৃতিক লৈ চিন্তিত হৈ পৰিছিল বিশ্ব স্বাস্থ্য সংস্থা। এই সন্দৰ্ভত চীনকো সকীয়াই দিয়ে হুৱে। আনকি চীনক এই ৰোগৰ নিয়মীয়া প্ৰতিবেদন দাখিল কৰিবলৈও কোৱা হৈছে।

আমেৰিকান চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনচনৰ তথ্য অনুসৰি, White Lung Syndrome-ৰ ৰোগ সৃষ্টিকাৰী জীৱাণু কোনো নতুন ভাইৰাছ বা বেক্টেৰিয়া নহয়। চীন, ডেনমাৰ্ক, আমেৰিকা, নেদাৰলেণ্ডকে ধৰি কেইবাখনো দেশতে এতিয়া এই ৰোগ এক নতুন ‘আতঙ্ক’ হৈ পৰিছে।

৩-৮ বছৰৰ ভিতৰৰ শিশু সাধাৰণতে ‘White Lung Syndrome’ ৰোগত আক্ৰান্ত হয়। আক্ৰান্ত শিশুৰ হাওঁফাওঁ পৰীক্ষা কৰি ওলোৱা ছবিবোৰ চাই এই ৰোগৰ নাম দিয়া হৈছে। বিশেষজ্ঞসকলৰ মতে, মাইকোপ্লাজমা নিউমোনিয়া নামৰ বেক্টেৰিয়াৰ সংক্ৰমণেই ‘White Lung Syndrome’ ৰোগৰ মূল কাৰণ। কিন্তু এই ৰোগৰ ভয়ৰ মূল কাৰণ হ’ল এন্টিবায়টিক সেৱন কৰাৰ পিছতো এই ৰোগ ভাল নহয়।

পৰিস্থিতি আটাইতকৈ বিপদজনক হৈছে ডেনমাৰ্কত। স্বাস্থ্য বিশেষজ্ঞসকলে দাবী কৰিছে যে তাত ‘White Lung Syndrome’-এ ‘মহামাৰী’ৰ ৰূপ লৈছে। স্থানীয় স্বাস্থ্য প্ৰশাসনৰ মতে, বৰ্তমানৰ এই সংক্ৰমণৰ ছবিখন কৰোনা সংক্ৰমণৰ প্ৰাৰম্ভিক পৰ্যায়ৰ সৈতে বহুত মিল আছে। খবৰ পোৱা গৈছে যে নেদাৰলেণ্ডতো এই সন্দেহযুক্ত ‘নিউমোনিয়া’ ৰোগত আক্ৰান্ত শিশুৰ সংখ্যা বৃদ্ধি পাইছে।

health2 | ASSAM TIMES POST

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনচনে কয় যে তেওঁলোকে চীনৰ সৈতে নিয়মীয়াকৈ সংস্পৰ্শত আছে। অৱশ্যে তেওঁলোকৰ মতে এই ৰোগ হাওঁফাওঁৰ। বুকুৰ এক্স-ৰে কৰিলেই বুজিব পাৰি। আক্ৰান্ত শিশুৰ বুকুৰ এক্স-ৰেত হাওঁফাওঁত বগা ৰঙৰ দাগ দেখা যাব। সেইবাবেই এই ৰোগৰ নাম ‘White Lung Syndrome’ বুলি দিয়া হৈছে।

শিশুৰ জ্বৰ, চৰ্দি আৰু কাহ হ’ব পাৰে ‘White Lung Syndrome’ৰ প্ৰাথমিক লক্ষণ। যদি এই অৱস্থা গুৰুতৰ হয়, তেন্তে উশাহ-নিশাহ লোৱাতো সমস্যা হয়। এই ৰোগত আক্ৰান্ত শিশু কম সময়ৰ ভিতৰতে ভাগৰুৱা হৈ পৰে। বুকুৰ কফ বা সামান্য বুকুৰ বিষো হ’ব পাৰে।

অৱশ্যে ‘White Lung Syndrome’ ৰোগ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ইয়াৰ সমাধান এতিয়াও পোৱা হোৱা নাই। কিন্তু কিছুমান নিয়ম মানি চলিব লাগিব যাতে শিশুৱে এই ৰোগত আক্ৰান্ত নহয়। ইনফ্লুৱেঞ্জা বা কৰোনা ৰোগত আক্ৰান্ত হ’লে টীকাকৰণৰ প্ৰয়োজন। বীজাণুনাশ কৰাৰ বাবে চাবোন বা ‘হেণ্ড ৱাছ’ৰে নিয়মিতভাৱে হাত ধুব লাগে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ উপযুক্ত পুষ্টি গ্ৰহণ কৰিব লাগে। খাদ্য খোৱাৰ লগতে ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব লাগে।

শিশুক ৰোগীৰ পৰা আঁতৰাই ৰখাটো বাধ্যতামূলক। ধূলি আৰু বীজাণুৰ পৰা ৰক্ষা পাবলৈ ফেচ মাস্ক পৰিধান কৰাটো জৰুৰী। এই নিয়মসমূহ মানি চলিলে আপোনাৰ শিশুৱে ‘White Lung Syndrome’ৰ কিছুক্ষেত্ৰত আক্ৰমণৰ পৰা ৰক্ষা পৰিব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: WhiteLungSyndrome
Share5Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
53
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
58
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
57
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
52
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
57
ADVERTISEMENT
Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা
National-International

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
50
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই
National-International

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
50
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026
50
Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ
National-International

Delhi Gangrape : বাছৰ ভিতৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পথত পেলাই থৈ পলায়ন চালক-কণ্ডাক্টৰৰ

August 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

Youth killed : পাৰ্টীত মাংস কিয় বেছিকৈ খালে, বন্ধুৰ ওপৰত ক্ষুব্ধ হৈ ছুৰীকাঘাত কৰি হত্যা

August 31, 2026
CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

CJP Protest : পঁইতাচোৰাৰ প্ৰতিবাদলৈ ভয়, শিক্ষাৰ্থীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

August 31, 2026
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

August 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d