ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী চাৰিলেন যুক্ত বাইপাচৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাথৰি আৰু বৰঘাট চকৰ মাজত আজি পুৱা সংঘটিত এক পথ দুৰ্ঘটনা দুজন লোক আহত হয়।
জানিব পৰা মতে, ডবকা দিশৰ পৰা আহি থকা এখন বলেৰ’ গাড়ীক একে দিশেৰে আহি থকা আন এখন তীব্ৰ বেগী বাহনে প্ৰচণ্ড খুন্দা মাৰে। ফলত বলেৰ’ গাড়ীখন পথৰ ওপৰত বাগৰি পৰে। সৌভাগ্যৰ বিষয় যে সেই সময়ত উক্ত পথেৰে ভাৰতীয় সেনা বাহিনীৰ এটা কনভয় আহি আছিল।
দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি সেনাবাহিনীৰ কনভয়টো উক্ত স্থানত ৰাখি দিয়ে আৰু দুৰ্ঘটনাত পতিত বাহন দুখনৰ আৰোহীসকলৰ উদ্ধাৰ অভিযানত সেনাবাহিনীৰ লোক সকল নামি পৰে।
বিশেষকৈ বেয়াকৈ ক্ষতিগ্রস্ত হোৱা বলেৰ’খনৰ আহত আৰোহীসকলক সেনাৰ জোৱানসকলে উদ্ধাৰ কৰাৰ লগতে পথত বাগৰি পৰা বাহনখন পথৰ দাঁতিত উঠাই থয়।
সেনাবাহিনীৰ লোকৰ এনে তৎপৰতাক ঘটনাস্হলীত উপস্থিত ৰাইজে শলাগ লয়। দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয়।











