ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ আৰক্ষী-চিআৰপিএফৰে পৰিবেষ্টিত চিআইডিৰ এটা বৃহৎ দলে তালাচী চলাইছে নেতাজনৰ শিৱসাগৰৰ ফুকন নগৰস্থিত বাসগৃহত৷
সংবাদ মাধ্যমত মন্তব্য কৰাৰ পৰা বিৰত গুৱাহাটীৰ পৰা অহা বৃহৎ চি আইডিৰ দলৰ যদিও অনানুষ্ঠানিক ভাৱে ৩০/১৯ গোচৰত গ্ৰেপ্তাৰ কৰা শৃংখলৰ ঘৰ তালাচীৰ এক নিয়মমাফিক অভিযান বুলি উল্লেখ কৰে।
পৰিদৰ্শক হিতেশ কুমাৰ শৰ্মাৰ নেতৃত্বত চিআইডিৰ দলটোৰ অভিযান৷
পুৱা সাত বজাৰ পৰা নেতাজনৰ বাসগৃহত তালাচী চিআইডিৰ দলটোৰ৷

শোৱনি কোঠাকে ধৰি বাসগৃহৰ প্ৰতিটো অংশত তন্ন তন্নকৈ তালাচী৷
শৃংখলৰ মাতৃ ৰাকাজ্যোতি চলিহাৰ ম’বাইল জব্দ চিআইডিৰ দলটোৰ৷
এনেদৰে তালাচী চলোৱাক লৈ শৃংখলৰ মাতৃৰ প্ৰতিক্ৰিয়া৷
উল্লেখ্য যে কা বিৰোধী আন্দোলনৰ নেতা শৃংখল চলিহাক চিআইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত বৰ্তমান নেতাগৰাকী চিআইডিৰ জিম্মাত : অসম আন্দোলনৰ নেতা আৰু শৃংখল চলিহাৰ পিতৃৰ আহ্বান।
CAA ৰ বিৰোধিতাৰে আজি সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ “নিষ্প্রদীপ-ক’লা দিৱস” পালন কৰক ৰাইজে।

ঘৰ,বজাৰ,গাড়ী মটৰ সকলোৰে লাইট দুঘন্টাৰ বাবে নুমুৱাই ৰাইজক “নিষ্প্রদীপ-ক’লা দিৱস” পালন কৰাৰ আহ্বান।
উল্লেখ্য যে অসম আন্দোলনৰ সময়ত নেতা প্ৰণৱজিৎ ( ৰমু) চলিহাক আৰক্ষীয়ে ২৬৩ বাৰ আটক কৰাৰ লগতে ১৭ বাৰ জেললৈ গৈছিল নেতাগৰাকী ৷অসম আন্দোলনৰ নেতা আৰু শৃংখল চলিহাৰ পিতৃৰ আহ্বান।
CAA ৰ বিৰোধিতাৰে আজি সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ “নিষ্প্রদীপ-ক’লা দিৱস” পালন কৰক ৰাইজে।
ঘৰ ,বজাৰ,গাড়ী মটৰ সকলোৰে লাইট দুঘন্টাৰ বাবে নুমুৱাই ৰাইজক “নিষ্প্রদীপ-ক’লা দিৱস” পালন কৰাৰ আহ্বান।
উল্লেখ্য যে অসম আন্দোলনৰ সময়ত নেতা প্ৰণৱজিৎ ( ৰমু) চলিহাক আৰক্ষীয়ে ২৬৩ বাৰ আটক কৰাৰ লগতে ১৭ বাৰ জেললৈ গৈছিল নেতাগৰাকী ৷












