ভাৰতৰ আশাত চেঁচা পানী ঢালি এইবছৰৰ ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰে অষ্ট্ৰেলিয়াই। গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত (Narendra Modi Stadium) আইচিচি বিশ্বকাপৰ ট্ৰফী অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ হাতত তুলি দিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। লগত থাকে অষ্ট্ৰেলিয়াৰ উপ প্রধানমন্ত্রী ৰিচার্ড মার্লছ সঙ্গে।

সেই মুহূর্ততে ৰচিত হয় এনে এক ইতিহাস যিটো পূৰ্বতে কোনো বিশ্বকাপত কেতিয়াও হোৱা নাছিল। বিশ্বকাপ ফাইনেলত ৰেকর্ড সংখ্যক দর্শকৰ উপস্থিতিৰ আন এক অভিলেখৰ সৃষ্টি হয় আহমেদাবাদত।
আনহাতে, বিশ্বকাপ ফাইনেলৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠান দুটা পৰ্যায়ত অনুষ্ঠিত হয়। প্ৰথমে আম্পায়াৰসকলৰ লগতে দুয়োটা দলৰ ক্রিকেটাৰসকলক স্মাৰক দিয়া হয়। লগতে দিয়া হয় মেচৰ শ্ৰেষ্ঠ আৰু টুর্নামেন্টৰ শ্ৰেষ্ঠ পুৰস্কাৰ। ফাইনেলৰ শ্ৰেষ্ঠ হয় ট্রাভিছ হেড। আনহাতে, টুর্নামেন্টৰ শ্ৰেষ্ঠ হয় বিৰাট কোহলি।
সেই সময়ত মঞ্চত আছিল আইচিচি অধ্যক্ষ গ্রেগ বার্কলে, আইচিচিৰ চিইঅ’ জিঅ’ফ এলার্ডিছ, বিচিচিআই সভাপতি ৰজাৰ বিনি, সচিব জয় শ্বাহ আৰু বিশ্বকাপৰ গ্লোবেল ব্ৰেণ্ড এম্বেছাডৰ শচীন তেণ্ডুলকাৰ। এই অনুষ্ঠানৰ পিছতে পুৰস্কাৰ বিতৰণী অনুষ্ঠানৰ মঞ্চলৈ আহে প্রধানমন্ত্রী নৰেন্দ্র মোদী।
নিজৰ নামাঙ্কিত ষ্টেডিয়ামত উপস্থিত হৈ বিশ্বকাপ বিজয়ী অধিনায়কৰ হাতত তুলি দিয়াৰ অভিলেখ বিশ্বত আন কোনো প্রধানমন্ত্রী বা অন্য কাৰো নাই। উল্লেখযোগ্য যে ফাইনেল মেচ উপভোগ কৰিবলৈ ষ্টেডিয়ামত উপস্থিত আছিল কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় যুবকল্যাণ আৰু ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰ, ৰাজ্যিক মন্ত্রী নিশীথ প্রামাণিকসহ হেভিৱেইট নেতাসকল।
আনহাতে, ফাইনেলৰ শেষত অষ্ট্ৰেলিয়া দল তথা ট্রাভিছ হেডক অভিনন্দন জনায় প্রধানমন্ত্রীয়ে। ইফালে ভাৰতীয় দলৰ মনোবলৰ প্রশংসা কৰি নৰেন্দ্র মোদীয়ে লিখিছে, “যি সংকল্প লৈ সমগ্র বিশ্বকাপ ভাৰতে খেলিছে সেয়া উল্লেখযোগ্য।” লগতে সব সময়তে ভাৰতীয় দলৰ কাষত থকাৰো বার্তা দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে।