ৰাঘৱ ছবি (Raghav Film)ক কেন্দ্ৰ কৰি সামাজিক মাধ্যমৰ সমালোচনাক লৈ আদালতৰ দ্বাৰস্থ হোৱা প্ৰসংগত স্পষ্টীকৰণ দিছে অভিনেতা তথা ৰাঘৱ ছবিৰ পৰিচালক-প্ৰযোজক যতীন বৰা (Jatin Bora)ই। নিজৰ ফেচবুক পেজত যতীন বৰাই এই স্পষ্টীকৰণ (Bora’s clarification on facebook page) দি গোচৰটো সন্দৰ্ভত স্পষ্ট ব্যাখ্যা আগবঢ়াইছে। লগতে সংবাদ মাধ্যমত প্ৰকাশিত ধৰণে গোচৰটো ৰুজু কৰা হোৱা নাই বুলি জনাইছে।
পোষ্টটোত তেওঁ লিখিছে যে কোনো ব্যক্তি বিশেষৰ বিপৰীতে বা ট্ৰ’ল কৰাৰ বাবে ক্ৰাইম বাঞ্চত গোচৰ দিয়া হোৱা নাই৷ ইয়াৰ বিপৰীতে ৰাঘৱৰ অৰ্থনৈতিক ক্ষতি বা তেওঁক হেয় প্ৰতিপন্ন কৰিবৰ বাবে যি কাৰণতে নহওক কিয়, তেওঁৰ ফটো বা ভিডিঅ’ সম্পাদনা কৰি বিকৃত কৰাৰ বাবেহে এই গোচৰটো দিয়া হৈছে। তেওঁ জনাইছে যে কেইদিনমান পূৰ্বে এটা সামাজিক মাধ্যমৰ প্লেটফৰ্মত কোনো দুষ্ট চক্ৰই এটা গ্ৰুপ খুলি ৰাঘৱ চাবলৈ ইচ্ছুকসকলক তাত জইন কৰিবলৈ আহ্বান জনাইছে। এই বিষয়টো অসমৰ ছবিজগতৰ বাবে ক্ষতিকাৰক বুলি উল্লেখ কৰি তেওঁ কৈছে যে অসমীয়া ছবি উদ্যোগটোৰ কথা চিন্তা কৰিয়ে উক্ত দুষ্টচক্ৰৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে এনে দুষ্টচক্ৰৰ বিচাৰ হোৱাটো কামনা কৰে বুলিও তেওঁ জনায়৷ ইয়াৰ উপৰি ৰাঘৱ যিহেতু এতিয়াও ছবিগৃহত চলি আছে, সেয়ে এনে ঘটনা শুভলক্ষণ নহয় বুলি চিন্তা কৰি আৰক্ষীক অৱগত কৰোৱা বুলি তেওঁ জনাইছে৷ কিন্তু কোনো ব্যক্তি বিশেষৰ নামত নাইবা ট্ৰ’ল কৰাৰ প্ৰসংগ গোচৰত অহা নাই বুলি তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে৷
উল্লেখযোগ্য যে যতীন বৰাৰ শেহতীয়া ছবি ‘ৰাঘৱ’ তথা যতীন বৰাক লৈ কৰা সমালোচনা আদালতৰ মজিয়া পাইগৈ। উল্লেখযোগ্য যে সদ্য মুক্তিপ্ৰাপ্ত যতীন বৰাৰ ছবিখনে মুক্তিৰ পূৰ্বেই বিতৰ্কত জড়িত হৈ পৰে। বিশেষকৈ সামাজিক মাধ্যমৰ তীব্ৰ ট্ৰ’লৰ সন্মুখীন হ’বলগা হয় অসমৰ ছবি জগতৰ এগৰাকী প্ৰতিষ্ঠিত তথা জনপ্ৰিয় অভিনেতা যতীন বৰা। লগতে তেওঁৰ অভিনীত তথা পৰিচালিত ‘ৰাঘৱ’ ছবিখনক লৈও একাংশই কটু সমালোচনা কৰে।
মুঠৰ ওপৰত সামাজিক মাধ্যমত এটা অংশই যতীন বৰা আৰু তেওঁৰ ছবিখন সন্দৰ্ভত এক নেতিবাচক সমালোচনা আৰম্ভ কৰে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে ছবিখনৰ ব্যৱসায়ত। ইয়াৰ ফলত অসমীয়া ছবি হিচাপে বিগ বাজেটৰ এই ছবিখন বক্স অফিচত বেয়াকৈ মুখ থেকেচা খায়। সেয়ে এই দুষ্টচক্ৰৰ বিৰুদ্ধে আদালতত গোচৰ তৰে প্ৰযোজক তথা অভিনেতা যতীন বৰাৰ পত্নী নৱনীতা শৰ্মা বৰাই। তিনিদিন পূৰ্বে অসম আৰক্ষীৰ চাইবাৰ শাখাত দাখিল কৰা এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰে এটা গোচৰ ৰুজু কৰা হয়।