কʼলা পোছাক পিন্ধি লিফটৰ পৰা ওলাই আহিছে ৰশ্মিকা মাণ্ডনা (Rashmika Mandanna)। শৰীৰৰ যথেষ্টখিনি অংগ স্পষ্টকৈ দেখা গৈছে। পোছাকটো এনেকুৱা যে অভিনেত্ৰীগৰাকীৰ বক্ষযুগল স্পষ্ট হৈ পৰিছে। কেৱল সেয়াই নহয়, উক্ত পোছাকত অভিনেত্ৰীগৰাকীৰ উৰুও দেখা গৈছে। নিমিষতে ছচিয়েল মিডিয়াত বিয়পি পৰে ৰশ্মিকা মাণ্ডনাৰ এই ভিডিঅ’।
অৱশ্যে এই ভিডিঅ’ আৰু ছবি চাই বহুতে বিমোৰত পৰে যে সঁচাকৈয়ে এই অৱস্থাত ৰশ্মিকানে? সাধাৰণতে এনে কাপোৰ পিন্ধা তেওঁক দেখা নাযায়। অনুৰাগীৰ সন্দেহ সঠিক বুলি প্ৰমাণিত হʼল। জানিব পৰা মতে এই ছবিত দেখা মহিলাগৰাকী একেবাৰে ৰশ্মিকা নহয়। আন এগৰাকী মহিলাৰ ভিডিঅʼত অভিনেত্ৰীগৰাকীৰ মুখ লগাই সম্পাদনা কৰা হৈছে (Edited with the actress’ face on)।
এই তথ্য পোহৰলৈ অহাৰ লগে লগে অমিতাভ বচ্চনে নিজেই ৰশ্মিকাৰ কাষত থিয় হৈ অপৰাধীৰ শাস্তি বিচাৰিছে। এইবাৰ এই বিকৃত ছবিখনক লৈ নিজে মুখ খুলিছে অভিনেত্ৰীগৰাকীয়ে।এনে ঘটনাৰ বাবে অভিনেত্ৰীগৰাকী স্বাভাৱিকতে অপ্ৰস্তুত। কেৱল সেয়াই নহয়, ৰশ্মিকাই এই ধৰণৰ বিকৃত কামৰ বাবে ভয় কৰে বুলিও কয়।
অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত এটা পোষ্ট কৰিছে, “ছচিয়েল মিডিয়াত বিয়পি পৰা মোৰ ডিপফেক ভিডিঅʼৰ কথা কʼবলৈও মোৰ বৰ বেয়া লাগে। মই দুখী, এই ঘটনাটো মোৰ বাবে বৰ ভয়ংকৰ। কেৱল মোৰ বাবেই নহয়, সকলো সময়তে কেমেৰাৰ সন্মুখত থকাসকলৰ বাবেও।
প্ৰযুক্তিৰ অপব্যৱহাৰ কেনেকুৱা হৈছে সেয়া ভাবিলে ভয় লাগে। আজি এগৰাকী মহিলা আৰু অভিনেত্ৰী হিচাপে মই মোৰ পৰিয়াল, বন্ধু-বান্ধৱীৰ প্ৰতি কৃতজ্ঞ, যিসকলে মোক এই সময়খিনিত সহায় কৰি মোৰ কাষত থিয় দিছে। কিন্তু কল্পনা কৰকচোন মই যদি স্কুল-কলেজীয়া ছাত্ৰী হʼলোহেঁতেন! এই পৰিস্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে মোৰ কোনো জ্ঞান নাথাকিলে হয়।
আমি সকলোৱে সামূহিকভাৱে আগবাঢ়ি আহি এনে বিষয়ৰ ওপৰত আলোচনা কৰা উচিত।”ছচিয়েল মিডিয়াত ভিডিঅʼটো বিয়পি পৰাৰ কিছু মুহূৰ্তৰ ভিতৰতে গম পোৱা যায় যে প্ৰকৃততে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ভিডিঅʼটো বিকৃত কৰা হৈছে। এই কাম এআইৰ সহায়ত জাৰা পেটেল নামৰ এগৰাকী মহিলাই কৰিছিল।