অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ (Actor Allu Arjun arrested)। ৪ ডিচেম্বৰত হায়দৰাবাদত ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত (Premiere of ‘Pushpa 2’) এগৰাকী মহিলাৰ পদপিষ্ট হৈ মৃত্যু (Woman dies in stampede) হোৱা আৰু আন কেইবাজনো লোক আহত হোৱা ঘটনা সন্দৰ্ভত তেওঁক গ্ৰেপ্তাৰ (Arrested in connection with the incident) কৰা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে আল্লু অৰ্জুন অভিনীত ‘পুষ্পা ২’ৰ ৪ নৱেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত প্ৰিমিয়াৰ হৈছিল। তেলেগু অভিনেতাজন তাত উপস্থিত হোৱাৰ লগে লগে দৰ্শক আৰু অনুৰাগীসকলৰ মাজত যথেষ্ট ভিৰ হয়। তেওঁলোকৰ হেঁচা-ঠেলাত ছবিগৃহটোৰ মূল গেটখন ভাঙি যায়। এই ঘটনাত পদপিষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হয়। আনহাতে, মহিলাগৰাকীৰ পুত্ৰ এতিয়াও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।
অভিযোগ অনুসৰি, অভিনেতাজনৰ দলটো বা ছবিগৃহ কৰ্তৃপক্ষই আৰক্ষীক পৰ্যাপ্ত তথ্য প্ৰদান কৰা নাছিল। ফলস্বৰূপে ছবিগৃহত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আগতীয়াকৈ পৰ্যাপ্ত আৰক্ষী মোতায়েন কৰিব পৰা নগ’ল।
হায়দৰাবাদ আৰক্ষীয়ে জনায় যে সন্ধ্যা থিয়েটাৰ কৰ্তৃপক্ষ, অৰ্জুন আৰু তেওঁৰ সুৰক্ষা দলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫, ১১৮ (১) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। মহিলাগৰাকীৰ পৰিয়ালৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত চিক্কাডপাল্লি আৰক্ষী থানাত গোচৰটো পঞ্জীয়ন কৰা হয়। তদন্ত আৰম্ভ কৰা হৈছে। হায়দৰাবাদ আৰক্ষীৰ ডিচিপিয়ে লগতে কয় যে ঘটনাটোৰ বাবে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইায়ৰ পদক্ষেপ হিচাপে অৰ্জুনক শুকুৰবাৰে হায়দৰাবাদৰ বানজাৰা পাহাৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।