
সোনকালেই আমেৰিকা আৰু ইৰাণ (America And Iran)ৰ মাজত শান্তিচুক্তি স্বাক্ষৰিত হ’বলৈ আগবাঢ়িছে (peace agreement is moving forward)। এই শান্তিচুক্তিয়ে সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাব। পাকঘৰৰ পৰা আৰম্ভ কৰি পেট্ৰ’ল পাম্প, বিমানবন্দৰ আনকি মাহিলি ঋণৰ কিস্তিলৈকে দেশৰ সাধাৰণ মানুহৰ জীৱনত ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱ পৰিব।
মুঠ পাঁচটা প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰি এই চুক্তি কৰা হৈছে :
১) হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা
২) যুদ্ধবিৰতি আৰু ৬০ দিনৰ বাবে বৃদ্ধি কৰা
৩) ইৰাণৰ ওপৰত নিষেধাজ্ঞা উঠাই লোৱা
৪) নতুন পাৰমাণৱিক আলোচনা আৰম্ভ কৰা
৫) স্থায়ী সমাধানৰ বাবে এক আন্তঃগাঁথনি সৃষ্টি কৰা।

এই চুক্তিয়ে দেশৰ সাধাৰণ মানুহৰ জীৱনলৈ কেনেকৈ সকাহ কঢ়িয়াই আনিব পাৰে?
১) পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত ৰেহাই : এই চুক্তিৰ দ্বাৰা ভাৰতীয় চালকসকলে সৰ্বাধিক লাভৱান হ’ব পাৰে। কাৰণ ভাৰতে প্ৰয়োজনীয় খাৰুৱা তেলৰ ৮৫ শতাংশতকৈ অধিক আমদানি কৰে। যাৰ এটা বৃহৎ অংশ পাৰস্য উপসাগৰীয় অঞ্চলৰ পৰা আহে। বিশ্বৰ মুঠ বাণিজ্যিক তেলৰ ২০ শতাংশ হৰমুজ প্ৰণালীৰ মাজেৰে পৰিবহণ কৰা হয়। যুদ্ধৰ বাবে তেলৰ যোগান ব্যাহত হোৱাত তেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছিল। চুক্তি স্বাক্ষৰিত হ’লে পুনৰ কমি আহিব তেলৰ দাম। ফলত ভাৰতীয় গ্ৰাহকসকলে সঘনাই পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ পৰা ৰক্ষা পাব পাৰে।
২) বিমানৰ টিকট সস্তা হ’ব পাৰে : বিমান চলোৱাৰ খৰচৰ এটা বৃহৎ অংশ ইন্ধনৰ বাবে যায়। খাৰুৱা তেলৰ দাম কমি গ’লে বিমান টাৰ্বাইন ইন্ধন বা জেট ইন্ধনৰ খৰচ স্বাভাৱিকতে হ্ৰাস পায়। ফলত বিমান সংস্থাসমূহে টিকটৰ মূল্য হ্ৰাস কৰিব পাৰে বা বিভিন্ন ৰেহাই দিব পাৰে, যিটো ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব। কাৰণ দেশত বিমান যাত্ৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ বাহিৰেও প্ৰতি বছৰে লাখ লাখ ভাৰতীয় উপসাগৰীয় দেশলৈ যাত্ৰা কৰে। এই অঞ্চলৰ আকাশমাৰ্গ ইউৰোপলৈ যোৱা আন্তঃৰাষ্ট্ৰীয় পথতো ব্যৱহাৰ কৰা হয়। যদিহে এই চুক্তি কাৰ্যকৰী হয় তেন্তে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমান ভাড়া মধ্যবিত্ত শ্ৰেণীৰ বাবে সুলভ হ’ব পাৰে।
৩) খাদ্যৰ মুদ্ৰাস্ফীতিৰ পৰা সকাহ : কেৱল পেট্ৰ’ল-ডিজেলৰ দামেই নহয়, শাক-পাচলি আৰু ফল-মূল, কৃষি যন্ত্ৰপাতি, শীতল ভঁৰাল লজিষ্টিক আৰু আন্তঃৰাজ্যিক খাদ্য পৰিবহণ কঢ়িয়াই অনা ট্ৰাকেও সকাহ পাব। ইয়াৰ উপৰি হৰমুজ প্ৰণালীৰ সংকটে কৃষি সাৰৰ বজাৰতো নেতিবাচক প্ৰভাৱ পেলাইছিল। কাৰণ বিশ্বৰ ইউৰিয়া ৰপ্তানিৰ এক বৃহৎ অংশ উপসাগৰীয় দেশসমূহৰ পৰা আহে। ফলস্বৰূপে যাতায়াত আৰু উৎপাদন ব্যয় সামান্য হ্ৰাস হ’লেও দেশৰ পৰিয়ালবোৰলৈ ডাঙৰ সকাহ দিব, যিসকলে ইতিমধ্যে অধিক মূল্যত শাক-পাচলি ক্ৰয় কৰিবলৈ বাধ্য হৈছিল।
৪) ৰন্ধন গেছ আৰু ঘৰুৱা ইন্ধনৰ খৰচ : ভাৰত এতিয়াও ইন্ধনৰ বাবে আমদানিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। হৰমুজ প্ৰণালী মুকলি হোৱাৰ ফলত এল পি জি আৰু প্ৰাকৃতিক গেছৰ বজাৰৰ পৰাও চাপ হ্ৰাস পাব। বিশেষজ্ঞসকলৰ মতে, প্ৰস্তাৱিত চুক্তিৰ জৰিয়তে সংঘাতৰ সময়ত আকাশলংঘী হোৱা জাহাজ ভাড়া আৰু বীমাৰ প্ৰিমিয়াম হ্ৰাস পাব। যদিহে আমদানি ব্যয় কমি আহে তেন্তে চৰকাৰে এল পি জিৰ দাম সুস্থিৰ কৰি ৰখা, ৰাজসাহায্যৰ বোজা হ্ৰাস কৰা আৰু ঘৰুৱা ইন্ধনৰ ব্যয় হ্ৰাস কৰাটো সম্ভৱ হ’ব।
৫) মুদ্ৰাস্ফীতি কম হ’লে ঋণ সস্তা হ’ব : ইন্ধনৰ মূল্যই অৰ্থনীতিৰ প্ৰতিটো খণ্ডত প্ৰভাৱ পেলায়। তেলৰ দাম বৃদ্ধি হ’লে পৰিবহণ, উৎপাদন আৰু খাদ্যৰ খৰচ বৃদ্ধি পায়। আনহাতে, তেলৰ দাম কমি গ’লে স্বাভাৱিকতে মুদ্ৰাস্ফীতি হ্ৰাস পাব। ইয়াৰ দ্বাৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সুতৰ হাৰ কম ৰখাত সহায় কৰিব। ফলত গৃহঋণ বা গাড়ী ঋণৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ ই এম আই কমি যাব। ব্যৱসায়ৰ বাবে ঋণ লোৱাটো সহজ হৈ পৰিব।











