বিয়াৰ পূৰ্বে ছবছৰ প্ৰেম। তাৰ পিছত ২০১৫ চনত গোপনে ৰিং চেৰেমনি। ইয়াৰ পিছত ২০১৮ চনৰ নৱেম্বৰ মাহত বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন (Actress Deepika Padukone) আৰু বলীউডৰ অভিনেতা ৰণবীৰ সিঙে (Actor Ranveer Singh) বিবাহপাশত আবদ্ধ হয়। যোৱা বছৰ দীপিকা আৰু ৰণবীৰে বিবাহৰ পঞ্চম বাৰ্ষিকী উদযাপন কৰে। দম্পতীহালে বৈবাহিক জীৱনত অতি পৰিপক্ক স্থানত উপনীত হৈছে। এইবাৰ তেওঁলোকে নিজৰ পৰিয়াললৈ নতুন সদস্যক আদৰি ল’ব বিচাৰিছে। দীপিকা মাতৃ হ’ব (Deepika will be a mother) বিচাৰে।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে নিজৰ ইচ্ছাৰ কথা প্ৰকাশ কৰে। দীপিকাই কয়, “ৰণবীৰ আৰু মই ল’ৰা-ছোৱালীক বহুত ভালপাওঁ। আমি অপেক্ষা কৰি আছো সেই দিনটোলৈ, যিদিনা আমি আমাৰ পৰিয়ালত নতুন অতিথিক আদৰি ল’ব পাৰিম।”
তাৰ মানে বাজীৰাওৰ মস্তানীয়ে বিয়াৰ পাঁচ বছৰৰ পিছত এইবাৰ সন্তান জন্ম দিয়াৰ কথা ভাবিছে নেকি? দীপিকাই কয় যে পৰিয়ালৰ লোকক লগ পালে তেওঁ উপলব্ধি কৰিব পাৰে যে তেওঁ একেবাৰে সলনি হোৱা নাই। দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্যতম বিখ্যাত অভিনেত্ৰী হোৱাৰ পিছতো খ্যাতিৰ হেঁচাত তেওঁৰ সৰলতা হেৰাই যোৱা নাই।
অভিনেত্ৰীগৰাকীৰ মতে, “আমাৰ পেছাত খ্যাতি আৰু যশৰ ভিৰৰ মাজত হেৰাই যোৱাটো অতি স্বাভাৱিক। কিন্তু মোৰ পৰিয়ালৰ কোনো সদস্যই মোক ঘৰত ‘ষ্টাৰ’ বুলি গণ্য নকৰে। মই আৰু ৰণবীৰে আমাৰ সন্তানৰ মাজতো এই বৈশিষ্ট্যবোৰ চাব বিচাৰো।”