ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ CAA বাতিল কৰাৰ দাবীত আজি শিৱসাগৰীয়া ৰাইজৰ উদ্যোগত স্হানীয় বৰ্ডিং খেল পথাৰত আজি গণ সংকল্প কাৰ্যসূচী ৰূপায়ন কৰা হয়।

সদৌ অসম ছাত্ৰ সন্থা,সদৌ তাই আহোম ছাত্ৰ সন্থা আদিকে ধৰি বহু কেইটা সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে ৰাইজে ঐক্যবদ্ধ হৈ CAA নেমানো বুলি গণ সংকল্প গ্ৰহণ কৰে।কাৰ্যসূচীত অসম আন্দোলনৰ নেতা প্ৰণৱজিত চলিহাই অংশগ্ৰহণ কৰি CAA কোনো কাৰণতে মানি লোৱা নহব বুলি হুংকাৰ দিয়ে।

ইফালে আজি শৃংখল চলিহাৰ মুক্তিৰ দাবীত শিৱসাগৰত লাচিত সেনাই ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
বীৰ লাচিত সেনাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে যুৱ নেতা শৃংখল চলিহাক নি চৰ্ত ভাবে মুকলি কৰি দিয়াৰ দাবী কৰা হয়।

উল্লেখযোগ্য যে CAA বিৰোধী আন্দোলনৰ নেতা চলিহাক বিগত এটা পষেকত দুবাৰকৈ গ্ৰেপ্তাৰ কৰি প্রতিবাদী কণ্ঠ ৰোধ কৰাৰ চেষ্টা কৰিছে শাসক চৰকাৰে।১০ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰি ৰাইজৰ হেঁচাত মুকলি কৰি দিয়াৰ পাছত কালি পুনৰ চলিহাক গ্ৰেপ্তাৰ কৰা হয়।












