ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ আজি বৰবৰুৱাত অনুস্থিত হৈছিল বৰবৰুৱা লাচিত সেনাৰ উদ্যোগত কা’ বিৰোধী এক গণ সমাৱেশ। বৰবৰুৱা পুজা খেলপথাৰত শান্তিপুৰ্ণভাৱে অনুস্থিত গণ সমাৱেশৰ অন্তত সমাৱেশত অংশগ্ৰহন কৰিবলৈ অহা লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃঙ্খল চলিহা,কেন্দ্ৰীয় সমিতিৰ সহঃসম্পাদক হৰকুমাৰ গগৈ,চৰাইদেউ জিলাৰ সভাপতি ৰাজীৱ ৰাজ ফুকন আৰু আন এজন সদস্য দীপজ্যোতি কলিতাক অতৰ্কীতে সভাৰ অন্তত পুলিচে গ্ৰেপ্তাৰ কৰি বৰবৰুৱা থানাৰ অন্তৰ্গত লেপেটকটা আৰক্ষী চকীলৈ লৈ আনে।
অন্যহাতে শৃঙ্খল চলিহাক লগে লগে ডিব্ৰুগড় থানালৈ লৈ যায় । প্ৰশাসনৰ নিয়মমতে আৰু শান্তিপুৰ্ণভাৱে গণ সমাৱেশ অনুস্থিত হোৱা স্বত্তেও কি অপৰাধত সংগঠনটোৰ সদস্য তথা বিষয়ববীয়া কেইজনক এনেকৈ গ্ৰেপ্তাৰ কৰিলে জানিব পৰা হোৱা নাই। আৰক্ষীৰ এনে কাৰ্যই শান্তিপুৰ্ণ অঞ্চলটোত পুনৰ উত্তেজনাই বিৰাজ কৰিছে ।
ডিব্ৰুগড় কা’ বিৰোধী মঞ্চ আৰু বৰবৰুৱা লাচিত সেনাৰ সমিতিৰ পক্ষৰ পৰা পুলিচৰ এনে দমনমুলক কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰে আৰু অচিৰে বিনাচৰ্তে তেওঁলোকক মুক্তি দিবলৈ দাবী জনায় ।
এইমাত্ৰ পোৱা খবৰ মতে শৃঙ্খল চলিহাৰ বাহিৰে বাকী কেউজনকে পুলিচে এৰি দিয়ে। বীৰ লাচিত সেনাৰ উদ্যোগত শৃঙ্খল চলিহাৰ মুক্তিৰ দাবীত বৰবৰুৱাৰ বজাৰ এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অবৰোধ চলি আছে । এছ,পি য়ে কোৱা মতে শৃঙ্খল চলিহাক গ্ৰেপ্তাৰ কৰা নাই, গুৱাহাটীৰ এটা গোচৰত তেওঁক আটক কৰি গুৱাহাটীলৈ পঠাব, গুৱাহাটীৰ পুলিচে গ্ৰেপ্তাৰ কৰিবনে নকৰে এছ,পি য়ে নেজানে বুলি জানিব দিয়ে ৷












