
অসম-নাগালেণ্ড সীমান্তৰে বিভিন্ন কৌশলেৰে নিতৌ বুজন পৰিমাণৰ নিষিদ্ধ সামগ্ৰীৰ অবৈধ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে আজি সীমান্তৱৰ্তী খটখটী আৰক্ষী (Khatkhati Police)ৰ নিয়মীয়া তালাচীৰ সময়ত প্ৰায় ২০ কুইন্টল বাৰ্মিজ চুপাৰি জব্দ (Burmese supari seized) কৰাৰ বাতৰি পোৱা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, আজি পুৱা খটখটী আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখে আহি থকা এএছ-২৮-এচি-১৬৪২ নম্বৰৰ ট্ৰাকখনত তালাচী (truck was searched) চলাই ৪০ টা বস্তাত মুঠ ১৯৬০ কিঃগ্ৰাঃ বাৰ্মিজ চুপাৰি জব্দ (1960 k.g Burmese supari seized) কৰিবলৈ সক্ষম হয়।

জব্দ হোৱা বাৰ্মিজ চুপাৰিখিনিৰ বজাৰমূল্য কমেও ১২ লাখ টকা বুলি অনুমান কৰা হৈছে। ট্ৰাকখনত গোপন চেম্বাৰ সাজি কৌশলেৰে চুপাৰিখিনি সৰবৰাহৰ চেষ্টা কৰা হৈছিল। এই সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালক ইউছুফ আলিক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।












