ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ
- ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই, বিভাজনৰ ৰাজনীতি এৰিবলৈ ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান পাঁচ টাই আহোম সংগঠনৰ।
- কোনো কাৰণতে স্তিমিত নহয় কা বিৰোধী আন্দোলন।
আহোম জনগোষ্ঠীয় সংগঠনৰ একত্ৰ মঞ্চই শীঘ্ৰেই গঠন কৰিব বিকল্প ৰাজনৈতিক মঞ্চ। - শিৱসাগৰত পাঁচ আহোম জনগোষ্ঠীয় সংগঠনৰ সংবাদ মেল। অখিল গগৈ-জীতেন দত্তৰ নিঃচৰ্ত মুক্তিৰ দাবী পাঁচ টাই আহোম সংগঠনৰ।
- টাই আহোম জনগোষ্ঠীলৈ ৰাজ্য চৰকাৰৰ ২৫০ কোটি টকা।
ৰাজ্য চৰকাৰৰ এই ঘোষণাক প্ৰলোভনৰ ৰাজনীতি আখ্যা টাই আহোম জনগোষ্ঠীয় সংগঠনৰ। - ২৫০ কোটিৰ টোপ দি বিভাজনৰ ৰাজনীতিৰে কা বিৰোধী আন্দোলনক স্তিমিত কৰিবলৈ চৰকাৰে ষড়যন্ত্ৰ ৰচনাৰ অভিযোগ আহোম জাতীয় গণমঞ্চ, আহোম সেনা, টাই আহোম যুৱ পৰিষদ, আহোম সভাকে ধৰি পাঁচ আহোম জনগোষ্ঠীয় সংগঠনে।
- ‘কা’ বিৰোধী সংগ্ৰামৰ লগত কোনো ক্ষেত্ৰতে আপোচ নহব বুলি সংবাদ মেল যোগে স্পষ্ট কৰিছে টাই আহোম জনগোষ্ঠীয় সংগঠন সমূহে।
- জনজাতিকৰণ আৰু স্বায়ত্ব শাসন টাই আহোম জনগোষ্ঠীৰ জন্মস্বত্ব অধিকাৰ বুলি কৈ চৰকাৰৰ প্ৰলোভনৰ ৰাজনীতিত টাই আহোম জনগোষ্ঠীয়ে ভৰি নিদিয়ে বুলি স্পষ্ট কৰি শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদ মেলত আহোম জনগোষ্ঠীয় সংগঠন কেইটাই ‘কা’ বিৰোধী আন্দোলন কোনো কাৰণতে বন্ধ নহয় বুলি ঘোষণা কৰে।
- ২৫০ কোটি টকা দি আন্দোলন স্তিমিত কৰাৰ ষড়যন্ত্ৰৰে টাই আহোম জনগোষ্ঠীক ৰাজ্য চৰকাৰে উপলুঙা কৰাৰো অভিযোগ আহোম জনগোষ্ঠীয় সংগঠনৰ।
- চৰকাৰক বিভাজনৰ ৰাজনীতি ত্যাগ কৰিবলৈ সকীয়নি সংগঠন কেইটাৰ।
সংবাদ মেলতে কা বিৰোধী সংগ্ৰামত মৃত্যুবৰণ কৰা কেউগৰাকী সংগ্ৰামীকে জাতীয় ছহিদ ঘোষণা টাই আহোম জনগোষ্ঠীয় সংগঠনৰ। - আহোম জনগোষ্ঠীক জনজাতিকৰণত ড: হিমন্ত বিশ্ব শৰ্মাই হেঙাৰ হৈ থিয় দি অহাৰ অভিযোগ আহোম সংগঠন কেইটাৰ ৷
- হিমন্ত বিশ্ব শৰ্মাৰ বাবেই পাঁচ জন ছহিদ হোৱাৰ লগতে অসম জ্বলিল বুলি অভিযোগ সংগঠন কেইটাৰ।
- অসমীয়া জাতি গঠনৰ বাবে সৰ্বস্ব ত্যাগ কৰা আহোম জনগোষ্ঠীক উপঢৌকন দি পুতৌ কৰাৰ চেষ্টা নকৰিবলৈও হিমন্ত বিশ্ব
- শৰ্মা আৰু ৰাজ্য চৰকাৰক সকীয়নি সংগঠন কেইটাৰ।
টাই আহোম জনগোষ্ঠীয় সংগঠন কেইটাই টাই জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদানৰ লগতে জনজাতিকৰণৰ দাবী সংবাদ মেলত
আনহাতে সংবাদ মেলত অখিল গগৈ, জীতেন দত্তকে ধৰি কা বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা সকলোকে নি:চৰ্ত মুক্তিৰ দাবী সংগঠন কেইটাৰ
কোনো কাৰণতে কা বিৰোধী আন্দোলন স্তিমিত নহয় বুলি স্পষ্ট সংগঠন কেইটাৰ ৷ টাই আহোম জনগোষ্ঠীয় সংগঠন সমূহে একত্ৰভাবে বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা কৰা বুলিও সংবাদ মেলতে উল্লেখ কৰি অতিশীঘ্ৰে অসমৰ ৰাইজক এই সম্পৰ্কে অৱগত কৰিব বুলি সংবাদ মেলত ঘোষণা
লক্ষ্যণীয় ভাবে আজিৰ সংবাদ মেলত আটাছুৰ প্ৰতিনিধি অনুপস্থিত থাকে যদিও সংবাদ মেলত উপস্থিত থকা সংগঠন সমূহে আটাছুক কা বিৰোধী সংগ্ৰামত পূৰ্বৰ দৰে বলিষ্ঠ ৰূপত অংশ গ্ৰহণ কৰিবলৈ আহ্বান আহোম জনগোষ্ঠীয় সংগঠন সমূহে ৷
আজিৰ সংবাদ মেলত টাইপা’ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত তামুলী, আহোম সেনা’ৰ কেন্দ্ৰীয় সভাপতি অংকুৰণ ফুকন, আহোম জাতীয় গণ মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙীয়া আৰু আহোম সভাৰ নিৰ্মল বৰুৱা উপস্থিত থাকে ৷












