ASSAM TIMES POST
ৰঙাপৰাঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত হোৱা গন আন্দোলনত নিহত হোৱা ঈশ্বৰ নায়েকক আজি অসম চাহ মজদুৰ সংঘই ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য্য আগবঢ়ায়।
যোৱা ১৪ ডিচেম্বৰ তাৰিখে গুৱাহাটী ডাউন টাউন চিকিৎসালয়ৰ সমীপত আৰক্ষীৰ গুলীত নিহত হোৱা ঈশ্বৰ নায়ক স্নাতক পাঠ্যক্ৰমত অধ্যয়নয়ৰত থকাৰ লগতে বিগ বজাৰত অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত আছিল। ঈশ্বৰ নায়ক আটছা গুৱাহাটী শাখাৰ এগৰাকী সক্ৰিয় সদস্য আছিল।
আজি অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাৰ নেতৃত্বত যোৱা এটি সজাতি দলে ঈশ্বৰ নায়কৰ পিতৃ নিৰাকাৰ নায়কৰ হাতত ৫০ হাজাৰ টকাৰ সাহাৰ্য্য আগবঢ়ায়। ইপিনে ঈশ্বৰ নায়কৰ মাতৃৰ এবছৰ পূৰ্বে মৃত্যু হৈছিল।
আজি অসম চাহ মজদুৰ সংঘৰ সজাতি দলত তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটি, বৰছলা শাখাৰ সম্পাদক ভীমানন্দ তাঁতী, বিশ্বনাথ শাখাৰ সাধাৰণ সম্পাদক নগেন গোৱালা ,টংলা শাখাৰ সহকাৰী সম্পাদক সঞ্জিত তাঁতী উপস্থিত আছিল।
আজি দুপৰীয়া ওদালগুৰি জিলাৰ মাজলি চাহ বাগিচাৰ ঈশ্বৰ নায়েকৰ বাসগৃহত উপস্থিত হৈ অসম চাহ মজদুৰ সংঘৰ সদস্য সকলে ঈশ্বৰ নায়কৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তথা ঈশ্বৰ নায়কক শ্বহীদ ঘোষণা কৰে আৰু লগতে অসম চৰকাৰকো ঈশ্বৰ নায়েকক শ্বহীদ ঘোষণা কৰিবলৈ দাবী জনায়।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম চাহ মজদুৰ সংঘৰ বিষয় ববীয়া সকলে অসমীয়া ভাষা সংস্কৃতি বিপন্ন কৰি কেন্দ্ৰীয় চৰকাৰে কাৰ জৰিয়তে অসমত বিশেষকৈ চাহ বাগিচাৰ চিলিং আইনৰ অধীনৰ মাটিত বাংলাদেশী সংস্থাপনৰ যি কুটিল ষড়যন্ত ৰচাৰ অভিযোগ তুলি অনুষ্ঠানত উপস্থি ৰাইজক অৱগত কৰে।












