ASSAM TIMES POST
নগাঁওঃ ৰাজ্যৰ অন্যান্য স্হানৰ লগতে নগাঁৱতো অবিৰতভাৱে চলিছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বিৰোধী আন্দোলন। চৰকাৰৰ প্ৰলোভন, ভয়-ভাবুকি আৰু প্ৰত্যাহ্বানক নেওচি প্ৰতিদিনে ৰাজ্যখনৰ লগতে নগাঁৱতো ৰাজপথলৈ ওলাই আহিছে হেজাৰ হেজাৰ জনতা ।
‘কা’ প্ৰত্যাহাৰৰ দাবীত নগাঁও চহৰত নগাঁও জিলা শিক্ষক সমাজে আজি এক প্ৰতিবাদী মৌন সমদল বাহিৰ কৰে। চহৰখনৰ নেহৰুৱালি বাকৰিৰ পৰা উলিওৱা সমদলটোত নিম্ন প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ কেবা সহস্ৰাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে হাতে হাতে “কা বাতিল কৰক, শান্তি ঘূৰাই আনক”, “কা আমি নামানো”, “কা বাতিল কৰি শৈক্ষিক পৰিৱেশ ঘূৰাই আনক” আদি বিভিন্ন শ্লোগান লিপিবদ্ধ প্লেকাৰ্ড লৈ চহৰখনৰ মূল পথৰে সমদল কৰি চৰকাৰক আইনখন বাতিলৰ দাবী জনায়। মৌন প্ৰতিবাদী সমদলৰ অন্তত নাগৰিকত্ব সংশোধনী আইন- ২০১৯ বাতিল আৰু অসম চুক্তিৰ দফা সমূহ ৰূপায়ণৰ দাবীত নগাঁও জিলা শিক্ষক সমাজৰ আহ্বায়ক মণ্ডলীৰ হৈ যজ্ঞেশ্বৰ ৰাজখোৱা, মুকুল বৰা, জিতেন হাজৰিকা, বিকাশ মজুমদাৰ, লৱ শৰ্মা আৰু দীপক শৰ্মা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতবর্ষৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে।
ইপিনে, আজি সদৌ নগাঁও জিলা ছাত্র সন্থা আৰু নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্র সন্থাৰ কাৰ্যালয়ৰ সন্মুখত নাৰী শক্তিৰ সহযোগত আজি ‘কা’ বাতিলৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বিপ্লৱী গীতেৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী শুভাৰম্ভ কৰি গণশিল্পী সূৰ্য দাসে ‘কা’ জাপি দিয়াৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে সংশোধনী নাগৰিকত্ব আইনে অসমীয়া ভাষা-সংস্কৃতিক ধ্বংস কৰিব।

প্ৰতিবাদস্থলীত সমৱেত মহিলা আৰু ছাত্ৰী সকলে ‘লুইত পৰীয়া মহিলা আমাৰ মৰিবলৈ ভয় নাই’, ‘জয়মতী-মূলাগাভৰুৰ বংশধৰ আমি নাৰী সমাজ’, ‘চৰকাৰৰ ভয়-ভাবুকি, প্ৰলোভনক প্ৰশ্ৰয় নিদিও’, ‘কা’ৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিছে- চলিবই, জাতিক বিশ্বাসঘাটকতা কৰা অতুল-কেশৱ-ফণী হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল, অমিত শ্বাহ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, আৰ এছ এছ মুৰ্দাবাদ আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে। এই কাৰ্যসূচীত জিলা ছাত্র সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া, সাধাৰণ সম্পাদক অমৰ জ্যোতি ফুকন, নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা দীপান্দ্বিতা শইকীয়া, নাৰী শক্তি মঞ্চৰ সভানেত্ৰী অনিতা বৰকাকতী, নতুন দিগন্ত মহিলা সমাজৰ ৰূপালী বৰুৱাৰ লগতে অৰুন্ধতী শইকীয়া, লেখিকা ৰুমী লস্কৰ আদিয়ে ‘কা’ৰ বিৰুদ্ধে বক্তব্য আগবঢ়ায় ।
আনহাতে, আজি নগাঁও তৰণী সন্থাৰ উদ্যোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত শ্বহীদ ভৱনৰ সন্মুখত নগাঁও তৰণী সংস্থা আৰু নগাঁও সদৰ পঞ্জীয়ণ কাৰ্যালয় তৰণী সন্থাৰ যৌথ উদ্যোগত তৰণী সকলে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে ‘কা’ আমি নামানো, কা বাতিল হ’বই লাগিব, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি বিভিন্ন শ্লগান দিয়ে ।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাঁও উকীল সন্থাৰ সভাপতি আবুল হাসিম খণ্ডকাৰে কয় যে ‘কা’ য়ে অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতিত ব্যাঘাত জন্মাব। অসমীয়া মানুহক সংখ্যালঘুত পৰিণত কৰিব। এই আইনখন সম্পূৰ্ণ ভাৰতীয় সংবিধান বিৰোধী। সৰ্বস্তৰৰ ৰাইজক তেওঁ ‘কা’ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনায়। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নগাঁও তৰণী সন্থাৰ সভাপতি প্ৰদীপ মজুমদাৰ, সম্পাদক বীৰেণ মহন্ত, নগাঁও সদৰ পঞ্জীয়ন কাৰ্যালয় তৰণী সন্থাৰ সভাপতি বদন বৈৰাগী, সম্পাদক আব্দুল জলিল, নগাঁও উকীল সন্থাৰ সম্পাদক অজিত বৰাকে ধৰি বহু কেইজন অধিবক্তা, আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।












