ASSAM TIMES POST
নগাঁওঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবী জনাইছে নগাঁও জিলা ছাত্ৰ সমাজে । আজি নগাঁৱত ছাত্ৰ সমাজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচত নগাঁও জিলা ছাত্ৰ সমাজৰহৈ নগাঁও মহাবিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, নগাঁও আইন মহাবিদ্যালয়, খাগৰিজান মহাবিদ্যালয়,পুৰণিগুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়,হাতীচোং মহাবিদ্যালয়,নগাঁও বাণিজ্য মহাবিদ্যালয়,পলিটেকনিকৰ লগতে বহুকেইখন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৃষক নেতা অখিল গগৈকে ধৰি ‘কা’ বিৰোধী আন্দোলনখনত গ্ৰেপ্তাৰ হোৱা সকলক বিনা চৰ্তে মুক্তিৰ দাবী জনায়। নগাঁও জিলা ছাত্ৰ সমাজৰ প্ৰতিনিধি সকলে কৃষক নেতা অখিল গগৈকে ধৰি ‘কা’ বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলক শীঘ্ৰে মুকলি কৰি নিদিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও সকিয়নী দিয়ে।












