ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ বিৰুদ্ধে আজিও উত্তাল হৈ পৰে নগাঁও চহৰ।নগাঁও জিলা ছাত্ৰ সমাজ, অধিবক্তা, টেম্পু চালক আদিয়ে ‘কা’ৰ বিৰুদ্ধে আজি নগাঁও চহৰত প্ৰতিবাদ সাব্যস্ত কৰে।নগাঁও জিলা ছাত্ৰ সমাজৰ উদ্যোগত আজি নগাঁও চহৰত মহাবিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদী সমদল বাহিৰ কৰে।
নগাঁও মহাবিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত খাগৰিজান মহাবিদ্যালয়,পুৰণিগুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়,হাতীচোং মহাবিদ্যালয়,নগাঁও বাণিজ্য মহাবিদ্যালয়,পলিটেকনিকৰ লগতে বহুকেইখন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে।সমদলৰ পূৰ্বে নগাঁও নেহৰুবালিত অনুষ্ঠিত এখন প্ৰতিবাদী সভাত বিশিষ্ট সমালোচক প্ৰভাত বৰা,প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা,জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া,নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুপৱন শইকীয়া,প্ৰকৃতিপ্ৰেমী বুবুল শৰ্মা,সাংবাদিক নৃপেন শইকীয়া,চন্দনজ্যোতি বৰা আদিয়ে স্বেচ্ছাচাৰী চৰকাৰখনৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে সকলোকে আহ্বান জনায়।প্ৰতিবাদী সভাত প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিয়েও ভাষণ দি ‘কা’ শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায়।
ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে নগাঁও চহৰত এক প্ৰতিবাদী সমদল উলিয়াই। নগাঁও জিলা ছাত্ৰ সমাজৰ উদ্যোগত উলিওৱা এই সমদলত ছাত্ৰ-ছাত্ৰী সকলে ‘কা’ আমি নামানো, কা বাতিল হ’বই লাগিব, ছাত্ৰ সমাজ জাগিছে জাগিবই, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, জাতিদ্ৰোহী অতুল-কেশৱ নিপাত যাঁওক আদি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। সমদলৰ অন্তত নগাঁও জিলা ছাত্ৰ সমাজৰ তৰফৰ পৰা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ ‘কা’ প্ৰত্যাহাৰৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।ইপিনে নগাঁও উকিল সন্থাৰ উদ্যোগত আজি নগাঁৱৰ অধিবক্তা সকলে ‘কা’ প্ৰত্যাহাৰৰ দাবীত নগাঁও চহৰত এক প্ৰতিবাদী সমদল উলিয়াই। সন্থাৰ সভাপতি আবুল হাচিম খন্দকাৰ আৰু সাধাৰণ অজিত কুমাৰ বৰাৰ নেতৃত্বত নগাঁৱৰ অধিবক্তা সমাজে ‘কা’ প্ৰত্যাহাৰৰ দাবীত বিভিন্ন শ্লোগান দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।
প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত নগাঁও উকিল সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ বুলি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। পিছত সংবাদ মাধ্যমৰ আগত সন্থাৰ সভাপতি আবুল হাচিম খন্দকাৰে কয় যে ‘কা’ সংবিধান বিৰোধী। এই আইনে অসমীয়া ভাষা-সংস্কৃতি বিপন্ন কৰিব। সেয়ে ‘কা’ আমি কোনো কাৰণতে নামানো। ‘কা’ ৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম চলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে উকিল সন্থাই।সদৌ নগাঁও জিলা টেম্পু চালক সন্থাৰ উদ্যোগত টেম্পু চালক সকলে আজি পুৱা ১১.৩০ বজাত নগাঁও চহৰত ‘কা’ৰ বিৰুদ্ধে এক প্ৰতিবাদী মিচিল বাহিৰ কৰে। টেম্পু চালক সকলেও ‘কা’ বিৰোধী শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। আনহাতে, নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আজি জাতিধ্বংসী ‘কা’ৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। মুক্তি যুঁজাৰু সকলেও অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় : কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰবল জনমতক নেওচি ‘কা’ জাপি দিছে। ‘কা’ই অসমীয়া ভাষা-সংস্কৃতিক বিপন্ন কৰাৰ লগতে অসমীয়া জাতিক সংখ্যালঘুত পৰিনত কৰিব।
অসমীয়া জাতি বিৰোধী, সংবিধান বিৰোধী ‘কা’ আমি কোনো কাৰণতে নামানো। নগাঁও চহৰৰ লগতে জিলাখনৰ বিভিন্ন দল-সংগঠনে ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।সংশোধিত নাগৰিকত্ব আইনৰ প্ৰতিবাদত আজি বঢ়মপুৰতো এক প্ৰতিবাদী সমাবেশ অনুষ্ঠিত হয় । বৃহত্তৰ বঢ়মপুৰবাসী ৰাইজৰ উদ্যোগত স্হানীয় শ্বহীদ ভৱন প্ৰাঙ্গনত অনুষ্ঠিত ‘ গণ হুংকাৰ ‘ শীৰ্ষক কাৰ্যসুচীত বহু সংখ্যক জ্যেষ্ঠ নাগৰিক , মহিলা, যুৱকে অংশগ্ৰহণ কৰে । সমাৱেশত এই আইনখনে অসমীয়া জাতিৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিব লগীয়া সংকটৰ বিষয়ে কেইবাগৰাকী বক্তাই ভাষণ দিয়ে ।
সভাত জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়া , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বড়া , সম্পাদক প্ৰাগজ্যোতিষ বনিয়া , জাতীয়তাবাদী কৃষক নেতা মোলান লস্কৰ , স্হানীয় মৌজাদাৰ মাধন শইকীয়া আদিয়ে ভাষণ দিয়ে । সমাৱেশত সাংবাদিক অপূৰ্ব হাজৰিকা , অগপ নেতা দিলীপ দাস উপস্হিত থাকে । জয় আই অসম , সংশোধিত নাগৰিকত্ব আইন বাতিল কৰক , ‘কা’ আমি নামানো আদি ধ্বনিৰে উপস্হিত ৰাইজে উত্তাল কৰে ।












