ASSAM TIMES POST
ৰঙাপৰাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙাপৰাতো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিগত কেইবাদিন ধৰি বিভিন্ন দল সংগঠনে তথা স্থানীয় ৰাইজে প্রবল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ উদ্যোগত স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি ৰঙাপৰা চহৰত এক বৃহৎ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।
অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ সমুহ বিষয় ববীয়াৰ লগতে ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছা, আটছাকে ধৰি বিভিন্ন সংগঠনে বিশাল সমদল উলিয়াই আৰু কা বিৰোধী শ্লোগানৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায়। হাতে হাতে পোষ্টাৰ বেনাৰ লৈ সমদলকাৰী সকলে বজ্ৰ নিনাদেৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী জনোৱাৰ লগতে বি জে পি চৰকাৰ বিৰোধী ধ্বনিৰে ৰঙাপৰাৰ পদপথ কপাই তোলে।
প্রতিবাদকাৰী সকলে সমগ্র চহৰ গাও পৰিভ্ৰমণ কৰি শেষত ইয়াৰে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি অসমীয়া জাতীয় ঐক্য মঞ্চৰ সম্পাদক আব্দুল ৰহিমে কয় যে চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক সকলৰ অভাৱ অভিযোগক উপেক্ষা কৰি ছিলিং আইনৰ অধীনস্থ ভূমিত বিদেশী সংস্থাপনৰ এক কুটিল ষড়যন্তত লিপ্ত হৈছে বুলি অভিযোগ কৰে ।
প্ৰতিবাদী সভাখনৰ আত ধৰি অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটিয়ে গণ আন্দোলনত নিহত হোৱা ইশ্বৰ নায়েকক শ্বহীদৰ মৰ্যাদা দিবলৈ চৰকাৰক আহ্বান জনায়। প্ৰতিবাদী সভাত ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক অবিনাশ বৰা, আটছাৰ তেজপুৰ শাখাৰ সভাপতি অজয় তাঁতী, যুৱ ছাত্র পৰিষদৰ জিলা সমিতিৰ ভাৰপাপ্ত সভাপতি উপেন্দ্ৰ কুমাৰ নাথ, অসম সেনাৰ প্ৰাক্তন মুখ্য আহ্বায়ক নিৰঞ্জন নাথ আৰু আছাৰ কৃষ্ণ নায়াৰে এই আইনৰ সম্পূৰ্ণ বিৰোধিতাৰে উদাত্ত ভাষন আগবঢ়ায়।












