![]()
অসমৰ মাজেৰে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ (Illegal trafficking of Burmese Areca Nut) প্ৰসংগক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চাঞ্চল্য অব্যাহত থকাৰ বিপৰীতে বিভিন্ন কৌশলেৰে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে অপৰাধী চক্ৰই। মাত্ৰ দুদিন পূৰ্বে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত আৰক্ষী (Khatkhati Police)য়ে অভিযান চলাই ট্ৰাকত গোপন চেম্বাৰ সাজি সৰবৰাহ কৰা অনা ২৫৭০ কিঃগ্ৰাঃ বাৰ্মিজ চুপাৰি জব্দ কৰাৰ পিছতে আজি পুনৰ আৰক্ষীয়ে খটখটীত অভিযান চলাই এখন ট্ৰাকৰ পৰা ৫০ কুইন্টলতকৈ (50 quintals from the truck) অধিক বাৰ্মিজ চুপাৰি জব্দ (Burmese supari seized) কৰিবলৈ সক্ষম হয়।

:প্ৰাপ্ত তথ্য অনুসৰি, খটখটী থানাৰ অন্তৰ্গত ভাৰতীয় ষ্টেট বেংকৰ খটখটী শাখাৰ সন্মুখত খটখটী আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে পুৱা ৪.৩০ বজাত ডিমাপুৰৰ পৰা বোকাজানৰ দিশে আহি থকা পি বি-৬৫-এএক্স-৭৪৪১ নম্বৰৰ ইটা পৰিবাহী ট্ৰাকখনত তালাচী চলায়।

আৰক্ষীৰ উক্ত তালাচীত ট্ৰাকখনত গোপনে বাৰ্মিজ চুপাৰি সৰবৰাহ কৰাৰ সন্দেহ হোৱাত আৰক্ষীয়ে উক্ত বাৰচকীয়া ট্ৰাকখন খটখটী থানালৈ আনি চলোৱা নিশ্চিদ্ৰ তালাচীত ৭৪টা বস্তাত ভৰাই অনা ৫০৬৬.২৮ কিঃগ্ৰাঃ বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা চুপাৰিখিনি আৰক্ষীৰ চকুত ধূলি দিয়াৰ লক্ষ্যৰে ইটাৰ দমৰ মাজত কৌশলেৰে লুকুৱাই অনা হৈছিল।
আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰি বাহনখনৰ চালক-হেণ্ডিমেন ক্ৰমে অমৰিন্দৰ সিং আৰু মনোজ সিঙক আটক কৰিছে। দুয়োৰে ঘৰ পঞ্জাৱত। ইয়াৰ উপৰিও দৰং জিলাৰ ৰিয়াজ উদ্দিন আৰু হাৰণ আলি নামৰ আন দুই সৰবৰাহকাৰীক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।












