‘পাঠান’ৰ ৰেকৰ্ড শ্বাহৰুখে নিজেই ‘জোৱান’ৰ জৰিয়তে ভংগ (Broken record through ‘Jawan’) কৰিলে। চাৰি বছৰৰ মূৰত ডাঙৰ পৰ্দালৈ পাঠানৰ জৰিয়তে উভতি আহিছিল কিং খান। ঠিক ন মাহৰ পাছত পুনৰ ‘জোৱান’ আহে। এইবাৰ বাদশ্বাহে বক্স অফিচত (Box Office) ধুমুহাৰ সৃষ্টি কৰিলে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে এই ছবিখনক লৈ উন্মাদনা দেখা গৈছে। শ্বাহৰুখৰ ছবিখনৰ (Shah Rukh’s picture) বাবেই পুনৰ শক্তিশালী হৈ উঠিছে ‘চিংগল স্ক্ৰীণ’।
ইমানখিনি হোৱাৰ পিছতো, কিন্তু শ্বাহৰুখে ‘জোৱান’ক লৈ কোনো কথা শুনিব নিবিচাৰে। কিন্তু কিয়?যোৱা ৭ ছেপ্টেম্বৰত ‘জোৱান’ ছবিখন মুক্তিলাভৰ দিনা মাজনিশা ছবিগৃহৰ বাহিৰত সমবেত হৈছিল শ্বাহৰুখৰ অনুৰাগীসকল। ‘জোৱান’ৰ ‘প্ৰথম দিনৰ প্ৰথম অনুষ্ঠান’ৰ এটাও মুহূৰ্তও হেৰুৱাব বিচৰা নাছিল তেওঁলোকে। অনুৰাগীৰ উত্তেজনাৰ সৈতে শ্বাহৰুখে নিজেই সঙ্গ দিয়ে।
‘জোৱান’ ছবিখন মুক্তি পোৱাৰ উত্তেজনাৰ বাবে গোটেই নিশাটো জাগি থাকিল অনুৰাগীসকল। শ্বাহৰুখেও ৰাতি তেওঁলোকৰ লগত জাগি থাকিল। পুৱাৰ পোহৰৰ লগে লগে বক্স অফিচৰ প্ৰতিবেদন স্পষ্ট হʼবলৈ ধৰিলে।
সময়ৰ লগে লগে বক্স অফিচৰ ফিগাৰ ধাপে ধাপে আগবাঢ়িছে। অৱশ্যে শ্বাহৰুখে নিজে ছবিৰ ব্যৱসায়ৰ বিষয়ে বিশেষ একো কʼব নিবিচাৰে। এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয়, “মই এই ছবিখনৰ প্ৰযোজক আৰু বিতৰক। সপ্তাহৰ আৰম্ভণিতে বা শেষত ছবিখনে কেনেকৈ উপাৰ্জন কৰিছে, সংখ্যা বাঢ়িছেনে কমিছে মই জানো। কিন্তু বহুতে ভুল তথ্য দিয়ে। মই সেইটো চাব নিবিচাৰো।” এক কথাত ক’বলৈ গ’লে শ্বাহৰুখে বক্স অফিচত ‘জোৱান’ৰ সংগ্ৰহৰ কথা একেবাৰেই ক’ব নিবিচাৰে।