ASSAM TIMES POST
ৰাছিদুল হুছেইন, গোৱালপাৰাঃ আজি ৰাজ্যৰ ২১ খন পলিটেকনিকৰ ছাত্র-ছাত্ৰীসকলে কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্র-ছাত্ৰীসকলে পৰীক্ষা বৰ্জন কৰাৰ লগতে তেজেৰে লিখিলে কেব বিৰোধী শ্ল’গান।
সদৌ অসম পলিটেকনিক ছাত্র একতা সভাৰ সিদ্ধান্ত মৰ্মে গোৱালপাৰা পলিটেকনিকৰ ছাত্র-ছাত্ৰীসকলে কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলে গোৱালপাৰা পলিটেকনিকৰ সন্মুখত তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। ছাত্র-ছাত্ৰীসকলে তেজেৰে লিখিছে কেব বিৰোধী শ্লোগান। সদৌ অসম পলিটেকনিক ছাত্র একতা সভাৰ সিদ্ধান্ত মৰ্মে কেবৰ বিৰোধীতা কৰি ২১ খন পলিটেকনিকৰ ছাত্র-ছাত্ৰীয়ে পৰীক্ষা বৰ্জন কৰি প্ৰতিবাদ চলাই আছে। গোৱালপাৰা পলিটেকনিকৰ সন্মুখত টায়াৰ জ্বলাই বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি ৰাখিছে।
পৰিস্থিতি যাতে বেয়াৰ ফালে ঢাল নাখায় তাৰ প্ৰতি লক্ষ্য কৰি পলিটেকনিকৰ বৃহৎ পৰিমাণৰ আৰক্ষী মোতায়ন কৰা হৈছে । দেশতকৈ পৰীক্ষা ডাঙৰ নহয় বুলি কৈ প্ৰতিবাদ অব্যাহত ৰাখিছে ছাত্র-ছাত্ৰী সকলে।












