ASSAM TIMES POST
গুৱাহাটীঃ অসম আৰু অসমীয়াৰ সামূহিক স্বাৰ্থ বিঘ্নিত হ’ব পৰা তথা অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰা নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে সাংবাদিক পৰিষদ অসমে ৷
অসম বিদেশীৰ চৰণীয়া পথাৰ নহয় আৰু অসমে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশীকে গ্ৰহণ নকৰে ৷ সাংবাদিক পৰিষদ অসম সদায় ৰাইজৰ পক্ষত আছে আৰু সদায় অসমীয়াৰ স্বাৰ্থত মাত মাতি যাব ৷
কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিব বিছৰা নাগৰিকত্ব সংশোধনী বিল চমুকৈ কেবৰ প্ৰবল বিৰোধিতা কৰি যাব সাংবাদিক পৰিষদ অসমে ৷ এক বিবৃতিত সাংবাদিক পৰিষদ অসমৰ সভাপতি চন্দ্ৰ কুমাৰ বৰুৱা , কাৰ্যকৰী সভাপতি যোগেশ মজুমদাৰ, উপ সভাপতি বনদীপ গোস্বামী, ভৱতোষ ডেকা, সাধাৰণ সম্পাদক ৰবিন দাস , সহকাৰী সম্পাদক দীপেন ভৰালী , প্ৰচাৰ সম্পাদক অঞ্জন কুমাৰ ভট্টাচাৰ্য্য আৰু মুখ্য উপদেষ্টা চন্দ্ৰ কুমাৰ শইকীয়া, উৎপল বৰুৱা, গোলোক চন্দ্ৰ কলিতা আৰু সোনেশ্বৰ পাটোৱাৰীয়ে জনাই যে জাতিধ্বংসী এই আইনখন অসমত কোনোপধ্যেই বলবৎ কৰিবলৈ দিয়া নহব ৷
অসমৰ ৰাইজৰ লগতে আছুকে ধৰি যিসমুহ দল- সংগঠনে কেব বিৰোধী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে তালৈ সাংবাদিক পৰিষদ অসমেও পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷লগতে আছুৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া গণ অনশন কাৰ্যসূচীত সাংবাদিক পৰিষদ অসমৰ সকলো জিলা সমিতি আৰু সদস্যক অংশগ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে ৷












