ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ “আছু কৰ্মহীনতা আৰু বিশৃংখলতাৰ ধ্বজাবাহক৷ যি কৰ্মহীনতাত অৰিহণা যোগাই তেনেকুৱা সংগঠনক জাতীয় সংগঠন বুলি নকয়৷ তেনেকুৱা সংগঠনক জাতিদ্ৰোহী সংগঠন বুলি কোৱা হয়৷
আছু এটা জাতিদ্ৰোহী সংগঠন৷ ৰাইজে এতিয়া বুজি উঠিছে “সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে এনেদৰে জাঙুৰ খাই উঠিল খমুমটাই সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ আইন ৰূপায়ন সমিতিৰ অধ্যক্ষ মৃণাল শইকীয়াই৷ আজি বিধায়কগৰাকীৰ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি আছুৰ বিৰুদ্ধে গৰজি উঠে৷
সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুসহ ৩০ ৰো অধিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে বিধায়ক গৰাকীৰ এনে মন্তব্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷ লগতে বিধায়কগৰাকীয়ে কয় যে কৰ্মইহে এটা জাতিক ৰক্ষা কৰিব পাৰে৷ কেৱল বন্ধ, ধৰ্ণাই এটা জাতিক কেতিয়াও ৰক্ষা কৰিব নোৱাৰে৷
আজি দুদিন ধৰি দিয়া অসম বন্ধত কিমান কোটি টকা লোকচান হ’ল, কিমান দিন হাজিৰা কৰা লোকৰ পেটত খাদ্য নপৰিল তাৰ হিচাপ আছুৱে ৰাখিব হ’ল বুলি আছুক প্ৰত্যাহ্বান জনাই পুনৰ কয় যে বন্ধৰ দৰে অসংবিধানিক কাম-কাজ কৰা সংগঠনটোৱে সংবিধানৰ কথা কোৱা অধিকাৰ নাই৷ বন্ধক অসংবিধানিক বুলি উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰি থৈছে বুলি সংবাদমেলত উল্লেখ কৰে৷












