![]()
প্ৰায় ২২ বছৰৰ ব্যৱধানৰ অন্তত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে তাৰা সিং। ১১ আগষ্টত মুক্তি পাব ‘গডৰ ২’ (Gadar-2)। বহুদিনৰ মূৰত ডাঙৰ পৰ্দাত দেখা যাব তাৰা-চাকিনাৰ যুটি। ছবিখনৰ প্ৰচাৰত কোনো ত্ৰুটি ৰাখিব বিচৰা নাই। দেশৰ বিভিন্ন চহৰত ছবিখনৰ প্ৰচাৰ চলাই আছে ছানী দেউল আৰু আমিষা পেটেলে (Sunny Deol and Ameesha Patel)। শেহতীয়াকৈ তেওঁলোক গাজিয়াবাদলৈ যায়। স্বাভাৱিকতে তেওঁলোকক চাবলৈ দৰ্শকৰ ভিৰ হয়। প্ৰিয় তাৰকাৰ এক মুহূৰ্তৰ বাবে হ’লেও সান্নিধ্য পাবলৈ এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। ঠেলা-হেঁচা আৰম্ভ হোৱাৰ লগে লগে অনুষ্ঠানটো খৰখেদাকৈ শেষ কৰিবলগা হয়। কিন্তু তাতেই ঘটে এক অঘটন।

প্ৰিয় তাৰকাগৰাকীক চাবলৈ হোৱা ভিৰৰ মাজতে কোনোবাই আকৌ সুবিধা গ্ৰহণ কৰে। সিদিনাখনৰ অনুষ্ঠানত কেইবাটাও ফোন চুৰি হয়। গাজিয়াবাদৰ ইন্দ্ৰপুৰম অঞ্চলৰ হেবিটেট চেণ্টাৰত সমবেত হয় প্ৰায় ২০ হাজাৰ অনুৰাগী। যিহেতু ছানী দেউল আৰু আমিষা পেটেল আহিব, সেয়ে নিৰাপত্তাৰ ব্যৱস্থাও কটকটীয়া আছিল। কিন্তু তাতো শেষ ৰক্ষা নহ’ল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ অনুমান অনুসৰি উক্ত অনুষ্ঠানত ১৬টা ফোন চুৰি হয়। অৱশ্যে কেৱল ফোনেই নহয়, অন্যান্য মূল্যৱান সামগ্ৰীও চুৰি হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সেইদিনাৰ অনুষ্ঠানৰ ভিডিঅ’ ইতিমধ্যে ছচিয়েল মিডিয়াত প্ৰচাৰিত হৈছে।
উল্লেখযোগ্য যে অহা শুকুৰবাৰে মুক্তি পাব গডৰ ২ ছবিখন। ছবিখনৰ প্ৰচাৰৰ বিভিন্ন স্থানত ছানী আৰু আমিষাই ছাকিনা-তাৰাৰ সাজ-পোছাকত উপস্থিত হৈছিল। আৰু সকলোতে তেওঁলোকক চোৱাৰ উত্তেজনা সাধাৰণ দৰ্শকৰ মাজত লক্ষ্য কৰা গৈছে। ছবিখনৰ আগতীয়া বুকিং বিপুল পৰিমাণে হৈছে। অৱশ্যে বক্স অফিচত ছবিখন কিমান সফল হয় সেয়া কিছুদিন পিছতহে বুজিব পৰা যাব।













