ASSAM TIMES POST
শিৱসাগৰঃ শিৱসাগৰত উত্তৰ-পূৱ ছাত্ৰ সন্থাৰ অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক৷ শতাধিক আছু কৰ্মীয়ে বন্ধৰ সমৰ্থনত ৰাজপথত দিয়ে শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে৷ বন্ধৰ সময়ত বিজেপি কৰ্মীয়ে ৰাজপথত কেবৰ বিৰোধিতা কৰাসকলক উদ্দেশ্যি অশ্লীল বাক্যবান কৰে৷

উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সম্পাদক ভবেন মহনৰ ঘনিষ্ঠ গেৰুৱা দলটোৰ কৰ্মী মানস হাজৰিকাৰ এএছ ০৪ এম ০৬৯৬ নম্বৰৰ বগা ৰঙৰ ছুইফট গাড়ীত অহা বিজেপি কৰ্মীজনে দ’লমুখ চাৰিআলিত আছু কৰ্মীসকলক উদ্দেশ্য কৰি গালি-গালাজ কৰে৷

ফলত আৰক্ষীৰ সন্মুখতে শাসকীয় দলৰ কৰ্মীক আছু কৰ্মীয়ে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে৷ বিজেপি কৰ্মীজনে অৱশেষত আছু কৰ্মী আৰু ৰাইজৰ খং দেখি পলায়ন কৰে৷ ইফালে নেছ’ৰ বন্ধত ব্যাহত হৈ পৰিছে শিৱসাগৰৰ যাতায়াত ব্যৱস্থা আৰু স্তব্ধ হৈ পৰে জনজীৱন ৷












