ASSAM TIMES POST
নিউজ ডেক্সঃ
- নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি নেছ’ৰ বন্ধত ব্যাহত হৈ পৰিছে ৰাজ্যৰ যাতায়ত-যোগাযোগ ব্যৱস্থা।
- উত্তপ্ত হৈ পৰিছে সমগ্ৰ ৰাজ্য।
- নেছ’ই আহ্বান জনোৱা উত্তৰ-পূৱৰ বন্ধত স্বাভাৱিকতে স্তব্ধ হৈছে জনজীৱন।
- বন্ধৰ সময়ছোৱাত আজি দুলীয়াজানত গাঁৱৰ ৰাইজে ঘেৰাও কৰিলে কেন্দ্ৰীয় খাদ্য আৰু সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ঘৰ।
- দুলীয়াজানৰ গাঁৱৰ ৰাইজে মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ঘৰ ঘেৰাও কৰাৰ লগতে বাসগৃহৰ সমীপত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
- জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে দুলীয়াজানৰ কনিষ্ঠজনৰ পৰা বয়োজ্যেষ্ঠজনলৈকে ৰাজপথলৈ ওলাই আহি বিধেয়ক বাতিলৰ দাবী উত্থাপন কৰে।












