![]()
জুবিন গাৰ্গে (Zubeen Garg) “ৰাঘৱ” ৰ টিজাৰ মুক্তিৰ দিনাই তেওঁৰ আহিবলগীয়া ছবিখনৰ বিষয়ে অনুৰাগীক জানিবলৈ দিয়ে। অসমীয়া চলচিত্ৰ জগতখনক নতুনত্বৰ ঢৌ তুলিবলৈ সক্ষম হোৱা জুবিন গাৰ্গৰ ছবিসমূহে ৰাইজক এক বিশেষ ধৰণৰ আমোদ প্ৰদান কৰে। অৱশ্যে অসমীয়া ৰাইজৰ বাবে আটাইতকৈ জৰুৰী নামটোৱে হৈছে জুবিন গাৰ্গ।

হাৰ্টথ্ৰৱ গৰাকীৰ আহিবলগীয়া ছবিখনৰ নাম হৈছে “ৰৈ ৰৈ বিনালে”। ছবিখনত তেওঁ এগৰাকী অন্ধ লোকৰ চৰিত্ৰ ৰূপায়ণ কৰিব। চৰিত্ৰটো যদিও প্ৰত্যাহ্বানপূৰ্ণ, জুবিন গাৰ্গে প্ৰত্যাহ্বান ভাল পায় বুলি কেইবাবাৰো মন্তব্য কৰিছে। ইতিমধ্যে এই ছবিখনৰ সংগীতৰ কাম সম্পূৰ্ণ হৈ উঠিছে। সম্প্ৰতি চলি আছে ছবিখনৰ চিত্ৰনাট্য তথা সংলাপৰ কাম।
জুবিন গাৰ্গৰ প্ৰতিটো বস্তুক লৈয়ে অপেক্ষাৰত দৰ্শক। অনাগত দিনত ছবিখনৰ আনুষ্ঠানিক ঘোষণাই দৰ্শকক অধিক উৎসাহিত কৰিব।













