ASSAM TIMES POST
ডিফুঃ বোকাজান-পাৰখোৱাত আছুৰ বিশাল জোঁৰ সমদল৷ডিফু ৮ ডিচেম্বৰ : কেবৰ বিৰুদ্ধে পাহাৰীয়া জিলা কাৰবি আংলঙত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ ৷বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধয়কখন কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰিবলৈ লোৱাৰ বিপৰীতে বিধয়কখনৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ।
আছুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আজি সন্ধিয়া জিলাখনৰ ডিফু, বোকাজান আৰু পাৰখোৱাত বিধেয়কখনৰ বিৰোধিতা কৰি উলিওৱা হয় বিশাল জোঁৰ সমদল। কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চে, উপ-সভাপতি দিপজ্যোতি দাস, মুখ্য সাংগঠনিক সম্পাদক মুকুল হাজৰিকাৰ নেতৃত্বত ডিফুত, আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া, কাৰ্বি আংলং জিলাৰ সভাপতি ভৱজ্যোতি বৰাৰ নেতৃত্বত বোকাজানত আৰু আছুৰ কাৰ্বি আংলং জিলা সমিতিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল হাজৰিকা, শিক্ষা সম্পাদক সুভাষ বৰাৰ নেতৃত্বত পাৰখোৱাত ছাত্ৰ সংগঠনটোৰ কেইবা শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

সমদলত অংশগ্ৰহণকাৰী প্ৰতিবাদকাৰীসকলে তাল বজাই ’নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, ’বিজেপি হায় হায়’, ’আহ ঐ আহ ওলাই আহ’, ’দে খেদি দে খেদি দে বাংলাদেশী খেদি দে’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য আজিৰ জোঁৰ সমদলত ছাত্ৰ সংগঠনটোৰ নেতা কৰ্মীসকলৰ লগতে ভালেসংখ্যক স্থানীয় লোকেও স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। সাংবাদিকৰ আগত আছুৰ নেতৃবৰ্গই জাতিধ্বংসী বিধেয়ক কোনো কাৰণতে ‘নেমানো’ বুলি কোৱাৰ লগতে অসমৰ পৰা বাংলাদেশী বিতাড়িত হবই লাগিব বুলি সকিয়াই দিয়ে ৷











