ASSAM TIMES POST
আছিফ আলি ,শিৱসাগৰ : আজি সন্ধিয়া ৭ মান বজাত শিৱসাগৰৰ প্ৰগতি চাৰিআলিৰ সমীপত স্কুটি (AS-04-U-3257) আৰু ডাম্পাৰৰ সংঘৰ্ষৰ ফলত স্কুটিত বহি অহা আৰোহী জনৰ মৃত্যু হয়।


মৃত যুৱকজনৰ নাম ৰাজ বৰগোহাঁই। তেওঁৰ বয়স ২৪ বছৰ। তেওঁৰ ঘৰ শিৱসাগৰৰ পালেঙ্গীত। বন্ধুৰ সৈতে শিৱসাগৰত ভাওনাৰ আখৰা কৰিবলৈ অহি থকা অৱস্থাত এই দূৰ্ঘটনাটো সংঘটিত হয়।
শিৱসাগৰৰ প্ৰগতি নাৰ্চিং হোমৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰে পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুণ্ডা মৰাত স্কুটিৰ পিছফালে বহি থকা ৰাজ বৰগোহাঁই স্কুটিৰ পৰা বহু দূৰত ওফৰি পৰে। ততাতৈয়াকৈ তেওঁক প্ৰগতি নাৰ্চিং হোমত ভৰ্তি কৰে যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। আনহাতে ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখন পলায়ন কৰে। সামান্য পৰিমাণে আঘাত পোৱা আনজন যুৱকৰ নাম দিতুল গগৈ।












