ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজিও নগাঁৱত অব্যাহত আছে প্ৰতিবাদ। নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ দলে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাৰ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ডাঃ দুৰ্ল্লভ চমুৱা নেতৃত্বত প্ৰায় তিনি শতাধিক কংগ্ৰেছৰ নেতা কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ডাঃ দুৰ্ল্লভ চমুৱাই কয় – জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক আমি কোনো কাৰণতে মানি নলওঁ। এই বিধেয়ক খনৰ বিৰুদ্ধে আমি ব্যাপক গণ আন্দোলন গঢ়ি তুলিম। ডাঃ চমুৱাই কেবৰ বিৰুদ্ধে অসমৰ ৰাইজক ঐক্যবদ্ধ ভাবে সংগ্ৰাম গঢ়ি তুলিবলৈ আহ্বান জনায়।
জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাই কয়- কেবৰ বিৰুদ্ধে ইয়াতকৈও অধিক ভয়ানক আন্দোলন গঢ়ি তোলা হব। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সুৰেশ বৰা, নগাঁও জিলা মহিলা কংগ্ৰেছে, যুৱ কংগ্ৰেছ, এন এছ ইউ আই, সেৱা দলৰ কৰ্মী সকলে অংশগ্ৰহণ কৰে।












